ধ্রুপদী ভাষাৰ উত্তৰণৰ আন এক পদক্ষেপ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ
অসমীয়া ভাষাৰ ধ্রুপদী মর্যাদাক অধিক গৰিমামণ্ডিত কৰি তোলাৰ লক্ষ্যৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সৌজন্যত এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা হৈছে। সেই অনুসৰি কলাক্ষেত্ৰৰ উদ্যোগত ৰাষ্ট্রপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথিৰ এক সংগ্রহ আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষাৰ ঐতিহ্য-যাত্রাই এক নতুন গতি লাভ কৰিব বুলি আশা কৰা গৈছে। উল্লেখ্য যে বিষয়টোৰ ক্ষেত্রত ৰাষ্ট্ৰপতি ভৱনৰ সচিবালয়ৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্রী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰামৰ্শ আৰু পৃষ্ঠপোষকতাত তথা অসমৰ মাননীয় মুখ্য সচিব ববি কোটা মহোদয়ৰ নিৰ্দেশনাৰ আধাৰত শ্রীমন্ত শংকৰদের কলাক্ষেত্র সমাজে অসমৰ বিভিন্ন প্রান্তৰ সত্রানুষ্ঠানৰ সৈতে যোগাযোগ কৰি সাঁচিপতীয়া পুথিকেইখন সংগ্ৰহৰ ব্যৱস্থা কৰে।
কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে নতুন দিল্লীৰ ৰাষ্ট্রপতি ভৱনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত নতুন দিল্লীস্থিত অসম ভৱনৰ আৱাসিক আযুক্তকে প্রমুখ্য কৰি অসম আৰু ভাৰত চৰকাৰৰ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ভবন সচিবালয়ৰ সন্মানীয় সচিব দিপ্তী উমাশংকৰৰ হাতত অমূল্য সাঁচিপতীয়া পুথিকেইভাগি আনুষ্ঠানিকভারে অর্পণ কৰে। ৰাষ্ট্রপতি ভবনৰ পুথিভঁৰালৰ শোভা বৃদ্ধি কৰা সাঁচিপতীয়া পুথিকেইখন হৈছে- মাজুলীস্থিত শ্রীশ্রী দক্ষিণপাট সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেরগোস্বামীদেরে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘কীর্তন ঘোষা’, মৰিগাঁওস্থিত শ্রীশ্রী নৰোৱা কুঁজি সত্র (বৈকুণ্ঠপুৰ থান)-ৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী নিত্যানন্দ দেবগোস্বামীদেবে, ভাগৱতৰ দশম স্কন্ধৰ আধাৰত শ্রীমন্ত শংকৰদেৱৰ ভাবানুবাদ ‘আদি দশম’, মাজুলীস্থিত শ্রীশ্রী উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী জনার্দন দেৱগোস্বামীদেৱে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ বিৰচিত ‘নামঘোষা’, তিতাবৰস্থিত শ্রীশ্রী কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী ভৱকান্ত দেবগোস্বামীদেবে, সংস্কৃত ভাষাত বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰচনা কৰা ‘শ্রী ভক্তি ৰত্নাৱলী’ৰ মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰদ্বাৰা অনুদিত ‘ভক্তি ৰত্নাৱলী আপুৰুগীয়া পৃথিকেইখন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়ায়। তাৰোপৰি, যোৰহাট নিবাসী শ্রীসুৰেন ফুকনমহোদয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অভিলেখাগাৰলৈ দান হিচাপে আগবঢ়োৱা সংস্কৃত ভাষাত জয়দেরে ৰচনা কৰা ‘গীতা-গোবিন্দ’ৰ আধাৰত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজসভাৰ কবি কবিৰাজ চক্রবর্তীৰ দ্বাৰা অসমীয়ালৈ অনুদিত ৰূপৰ ‘গীত গোবিন্দ’ সাঁচিপতীয়া পুথিভাগো বাষ্ট্রপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্রদর্শনৰ বাবে আগবঢ়োৱা হৈছে।। অসমীয়া ধ্রুপদী ভাষাৰ চানেকি সংৰক্ষণ তথা প্রদর্শনৰ ক্ষেত্ৰত সত্ৰাধিকাৰপ্ৰভুসকলকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ সহায়-সহযোগিতা বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব, সুদর্শন ঠাকুৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
