সদ্যঘোষিত ফলাফলত UGC-NETৰ যোগ্যতা অৰ্জন USTMৰ ৪৬গৰাকী ছাত্ৰ-ছাত্ৰীৰ

বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (USTM)য়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰি আছে। ২০২৫ চনৰ জুন মাহত অনুষ্ঠিত ইউজিচি-নেট পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত USTMৰ ৪৬ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এই মূহুৰ্তলৈ এই গুৰুতত্বপূৰ্ন পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ অনন্য পে বেক পলিচিৰ অধীনত USTM-এ এই নেট-যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ পুৰস্কাৰ হিচাপে সমগ্ৰ পাঠ্যক্ৰমৰ মাচুল ঘূৰাই দিব।

এই উপলক্ষে USTMৰ উপাচাৰ্য অধ্যাপক জি.ডি. শৰ্মাই কয়, “আমি ছাত্ৰ-ছাত্ৰীক উৎসাহিত আৰু প্ৰেৰণা দিবলৈ আৰ্থিক সহায় আগবঢ়াইছো, যাৰ ফলত কোনো প্ৰাপ্য ছাত্ৰই আৰ্থিক অভাৱৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে।”

তেওঁ আৰু আলোকপাত কৰে যে, USTMৰ প্ৰশিক্ষণ পদক্ষেপসমূহে শৈক্ষিক দিশৰ বাহিৰলৈও যায়, ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী যাত্ৰাৰ বাবে সামগ্ৰিকভাৱে প্ৰস্তুত কৰিবলৈ কোমল দক্ষতা প্ৰশিক্ষণ, সাক্ষাৎকাৰ কৰ্মশালা, আৰু প্ৰেৰণাদায়ক আলোচনা চক্ৰ অন্তৰ্ভুক্ত কৰে।

USTMৰ ইউনিভাৰ্চিটি নেট ফ’ৰামৰ সঞ্চালিকা ড০ তৃষ্ণা ঠাকুৰীয়াই কয় যে, “ছাত্ৰ-ছাত্ৰীসকলক নেট, গেট, স্লেট, আই এ এছ, আৰু অন্যান্য উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ USTM-এ ইয়াৰ পে বেক পলিচিৰ জৰিয়তে আৰ্থিক পুৰষ্কাৰ আগবঢ়ায়। আমাৰ নেট ফ’ৰামে প্ৰতিদিনে বিয়লি ৪:৩০ বজাৰ পিছত নিয়মীয়াকৈ কোচিং চেচন অনুষ্ঠিত কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলে ইউজিচি-নেট পৰীক্ষাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱাত সুবিধা হয়।”

ইয়াৰ আউটৰিচ মিছনৰ অংশ হিচাপে USTM-এ ইয়াৰ চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামৰ জৰিয়তে নেট, স্লেট, গেট, বেংকিং, ষ্টাফ চেলেকচন কমিছন (এছএছচি), আৰু অন্যান্য চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰে। এই কেন্দ্ৰৰ অবিচ্ছেদ্য অংগ নেট ফ’ৰামে ২০১৭ চনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সফলতাৰে পথ প্ৰদৰ্শন কৰি আহিছে।

উল্লেখ্য যে, বিশ্ববিদ্যালয় খনৰ পৰা প্ৰতি বছৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় UGC/JRF NET পৰীক্ষাত।

২০২৪ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল বিশ্ববিদ্যালয়খনৰ উত্তীৰ্ণ হৈছিল ৭১জন ছাত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...