‘সাজু হওক, এইবাৰ খেলপথাৰত মই নামিছোঁ’; মোদীৰ সমাৱেশৰ পৰাই মিঠুন চক্ৰৱৰ্তীৰ সাৱধানবাণী

এইবাৰ নহ’লে আৰু কেতিয়াও নহয়। পশ্চিমবংগত বিজেপিক ক্ষমতালৈ আনিবলৈ অভিনেতা-নেতা মিঠুন চক্ৰৱৰ্তী শীঘ্ৰেই ময়দানত নামিব। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ পৰাই তেওঁ এই কথা ঘোষণা কৰে। যোৱা বিধানসভা নিৰ্বাচনৰ আগত বিজেপিত যোগদান কৰা মিঠুনে কয়, “এইখনেই আমাৰ শেষ যুঁজ… মৰণপণ যুঁজ।”

দুৰ্গাপুৰৰ নেহৰু ষ্টেডিয়ামত বিজেপিৰ পৰিৱৰ্তন সংকল্প সভাৰ পৰা মিঠুনে সংকল্প ব্যক্ত কৰে, “এইবাৰ আমাৰ জীৱন-মৰণৰ যুঁজ। আমাৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আছে। মই থাকিম। আপোনালোক থাকিব। সকলোৱে একেলগে যুঁজিম। যি কোনো উপায়েৰে হওক, এই নিৰ্বাচন (বিধানসভা নিৰ্বাচন) জিকিবই লাগিব। ইয়াৰ বাহিৰে আৰু কি কথা ক’ম?” ইয়াৰ লগতে মিঠুনে পশ্চিমবংগ আৰক্ষীকো টাৰ্গেট কৰি মন্তব্য আগবঢ়ায়।

মঞ্চত ভাষণ দিবলৈ উঠি মিঠুনে প্ৰথমে ছানগ্লাছযোৰ খুলি পেলায়। অভিনেতা-ৰাজনীতিবিদগৰাকীয়ে তাৰ পিছত কয়, “এইবাৰৰ আমাৰ শেষ যুঁজ। এই কথা মনত ৰাখি খেলপথাৰত নামিব লাগিব।” শাসক দলৰ বিৰুদ্ধে দুৰ্নীতি আৰু নাৰীৰ নিৰাপত্তাৰ বিষয়ত গুৰুত্ব দি তেওঁ কয়, “কি ক’ম? দুৰ্নীতি? দুৰ্নীতি ভৰপূৰ। মা-ভনীসকলৰ ইজ্জতৰ কথা ক’ম? তাতো কথা কোৱাৰ উপায় নাই। মই পশ্চিমবংগৰ ল’ৰা। পশ্চিমবংগৰ মা-ভনী মোৰো মা-ভনী। মই ৰাজনীতি নকৰো। মানৱ-নীতি কৰো। সেইবাবেই বাৰে বাৰে পশ্চিমবংগলৈ আহোঁ।” অভিনেতা-নেতাগৰাকীয়ে আৰু কয়, “এইবাৰ ময়দানত নামিছো সম্পূৰ্ণ তৈয়াৰহৈ। ২৩-২৪ তাৰিখৰ পৰা পূৰ্ণৰূপে খেলপথাৰত নামিম। আপোনালোকৰ লগত থাকিম। আপোনালোকৰ সমস্যা জানিম। খেলপথাৰত নামি একেলগে যুঁজিম। এই যুঁজ পশ্চিমবংগই বহুদিন মনত ৰাখিব। বিজেপি হাৰি যোৱা দল নহয়। কেৱল আৰক্ষীক অলপ নিৰপেক্ষ হ’বলৈ কওক। তাৰ পিছত চাওক বিজেপিয়ে কি কৰিব পাৰে।”

সভাত উপস্থিত জনতাক উদ্দেশ্যি মিঠুনে কয়, “আজি সকলোৱে একেলগে যি আৱাজ তুলিছে, সেয়া যেন সদায় মোৰ লগত থাকে। মই ‘কম্প্ৰমাইজ পলিটিক্স’ নকৰো। জীৱনত কেতিয়াও বুজাবুজিৰ ৰাজনীতি কৰা নাই। মোৰো গাৰ জোৰ আছে। কিন্তু কেতিয়াও কাৰো ওপৰত খটোৱা নাই। কাকো নকও যে, ‘তোমাক মাৰিম, ধৰিম।’ কিন্তু এইটো নাভাবিব যে, মই কৰিব নোৱাৰো। আমি ভীৰু নহয়। কেৱল আৰক্ষীক কওক, ‘তোমালোক নিৰপেক্ষ হৈ যোৱা।’ মিঠুনে আৰু কয়, “তৈয়াৰ হৈ থাকক। মই ময়দানত নামিছো। বুক ফুলাই নামিম। গুলি চলালে চলাওক। পিছফালৰ পৰা আক্ৰমণ নকৰিব। হিম্মত থাকিলে সন্মুখৰ পৰা গুলি চলাওক।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...