অসামৰিক সেৱাৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ছেমিনাৰ

অহা ২১ জুলাই তাৰিখে গুৱাহাটী মাছখোৱাস্থিত ITA Cultural Complexত অনুষ্ঠিত হ’ব অসামৰিক সেৱাৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মুকলি ছেমিনাৰখন অনুষ্ঠিত হ’বলৈ গৈ আছে। এই অনুষ্ঠানত দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিজেন্দৰ সিং চৌহান উপস্থিত থাকিব। উল্লেখযোগ্য যে, অসামৰিক সেৱাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অত্যন্ত জনপ্ৰিয় এক নাম হ’ল চৌহান ছাৰ। উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ ইতিমধ্যে এই পঞ্জীয়ন লিংক মুকলি কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাতিপুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠানৰ আসন সীমিত হোৱা বাবে প্ৰথমতে অহাৰ ভিত্তিত আসন প্ৰদান কৰা হ’ব।

অসামৰিক সেৱাৰ দিশত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণ প্ৰতিষ্ঠান SPM IAS ACADEMYৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। অনুষ্ঠানটোৰ বাবে ইতিমধ্যে চৌহানে তেখেতৰ তৰফৰ পৰা ভিডিঅ’যোগে বাৰ্তা প্ৰেৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে https://app.spmiasacademy.com/seminar লিংকৰ জৰিয়তে এই অনুষ্ঠানৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব অথবা 8723811111 নম্বৰত সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...