পৰীক্ষাগাৰত নিচাযুক্ত দ্ৰব্য উৎপাদন! ১৩ কোটি টকাৰ দ্ৰব্য বিক্ৰী কৰি ধৰা পৰিল বিজ্ঞানৰ দুই শিক্ষক

এজন চৰকাৰী বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক আৰু আনজন পদাৰ্থবিজ্ঞানৰ শিক্ষক। কিন্তু নৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰোই (এনচিবি) এই দুজনক মাদক দ্ৰব্য তৈয়াৰ আৰু বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, তেওঁলোকে মেফেড্ৰ’ন নামৰ নিচাযুক্ত দ্ৰব্য উৎপাদন কৰি বিক্ৰী কৰিছিল। এইদৰে তেওঁলোকে ১৫ কোটি টকাৰ মাদক দ্ৰব্য উৎপাদন কৰিছে, আৰু তাৰ ভিতৰত প্ৰায় ১৩ কোটি টকাৰ মাদক দ্ৰব্য বিক্ৰী কৰিছে। ৰাজস্থানৰ কাহিনী এয়া।

মেফেড্ৰ’ন বা এমডি হৈছে এবিধ সিন্থেটিক ষ্টিমুলেণ্ট ড্ৰাগ। পাউদাৰৰ দৰে এই মাদক গিলি নিচা কৰা হয়। কেতিয়াবা চিগাৰেটৰ কাগজত মেৰিয়াই বা তৰল পদাৰ্থৰ সৈতে মিহলাইও খোৱা হয়। ‘বম্বিং’ নামেৰে বহু ঠাইত পৰিচিত এই নিষিদ্ধ মাদক দ্ৰব্য উৎপাদন কৰি দুই শিক্ষকে বিপুল পৰিমাণৰ ধন উপাৰ্জনৰ চেষ্টা কৰিছিল।

এনচিবিয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা দুজন শিক্ষকৰ নাম মনোজ ভাৰ্গৱ আৰু ইন্দ্ৰজিৎ বিষ্ণোই। দুয়োৰে বয়স ২৫ বছৰ। মনোজে ৰাজস্থানৰ গঙ্গাসাগৰ জিলাৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। ইন্দ্ৰজিৎ পদাৰ্থবিজ্ঞানৰ শিক্ষক আৰু ক’চিং চেণ্টাৰত পঢ়ুৱায়। তদুপৰি তেওঁ ৰাজস্থান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ (আৰএএছ) পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। অভিযোগ অনুসৰি, এই দুই বন্ধুৱে ভাড়া কৰা ফ্লেটত গৱেষণাগাৰ স্থাপন কৰি তাত মাদক উৎপাদন কৰিছিল।

এনচিবিৰ তদন্তত পোহৰলৈ আহিছে যে, এই দুজনে দিল্লীৰ পৰা ৰাসায়নিক দ্ৰব্য কিনি আনিছিল। জেৰাত তেওঁলোকে স্বীকাৰ কৰিছে যে, বিগত আঢ়ৈ মাহত তেওঁলোকে প্ৰায় পাঁচ কিলোগ্ৰাম এমডি ড্ৰাগ উৎপাদন কৰিছিল। এই উৎপাদিত মাদকৰ বজাৰমূল্য প্ৰায় ১৫ কোটি টকা। তাৰ ভিতৰত ৪ কেজিতকৈ অধিক দ্ৰব্য তেওঁলোকে বজাৰত বিক্ৰী কৰিছিল। বাকী ৭৮০ গ্ৰাম দ্ৰব্য উদ্ধাৰ কৰা হৈছে, যাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা বুলি এনচিবিয়ে দাবী কৰিছে।

দুই শিক্ষকৰ গৱেষণাগাৰৰ পৰা সকলো ৰাসায়নিক সামগ্ৰী বাজেয়াপ্ত কৰা হৈছে। এই চক্ৰত তেওঁলোকৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি, তদন্তকাৰী দলে তাৰ সন্ধান চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰক্ষীৰ নামত বলপূৰ্বক ধন দাবী: দৌলাশাল আৰক্ষীৰ জালত হুছেইন আলী

মুকালমুৱা — আৰক্ষীৰ নাম লৈ আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি...

২০২৭ বিশ্বকাপৰ লক্ষ্যৰে নতুন নিৰ্বাচক?

পূৰ্বৰ ভাৰতীয় তাৰকা বেটাৰ ভিভিএছ লক্ষ্মণ হ'ব নেকি ভাৰতীয়...