পাঞ্জাবাৰীৰ মছজিদত কিয় গাহৰি মাংস পেলাইছিল যুৱকে?

সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ নহয়, যুৱতীক বদনাম কৰিবলৈহে গাহৰিৰ মাংস পেলোৱা হৈছিল মহানগৰীৰ মছজিদৰ সমীপত। পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস বিতৰ্কৰ নতুন মোৰ। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱকে সংঘটিত কৰিছিল এই কাণ্ড। যুৱকৰ ভাষ্যই হতচকিত কৰিব আপোনাকো।

পবিত্ৰ মহৰমৰ দিনটোতে পাঞ্জাবাৰীৰ মছজিদৰ সমীপত দুৰ্বৃত্তই পেলাই থৈ গৈছিল গাহৰি। ঘটনা সংঘটিত হোৱাৰ পিছতে চৌদিশে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ নতুন মোৰ লৈছে পাঞ্জাবাৰীৰ গাহৰি মাংস বিতৰ্কই। মছজিদত গাহৰি মাংসৰ টোপোলাৰ আঁৰত ব্যৰ্থ প্ৰেমৰ কাহিনী। ঘটনা সন্দৰ্ভত নিশা বৰপেটাৰ পৰা মৃদুপৱন পাঠক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। CCTVৰ ভিজুৱেলৰ ভিত্তিত মৃদুপৱন পাঠকক গ্ৰেপ্তাৰ আৰক্ষীৰ। জব্দ কৰা হৈছে গাহৰি মাংসৰ টোপোলা পেলাবলৈ যুৱকজনে ব্যৱহাৰ কৰা AS15 K 2775 নম্বৰৰ স্কুটীখন।

কিন্তু কিয় এনে ঘটনা সংঘটিত কৰিছিল মৃদুপৱনে? আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ তথ্য। মাংসৰ টোপোলাত লিখা আছিল এগৰাকী যুৱতীৰ নাম। যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি হাৰাশাস্তি কৰাৰ অভিযোগ মৃদুপৱনৰ বিৰুদ্ধে। উপায়ন্তৰ হৈ মৃদুপৱনৰ ফোন নম্বৰো ব্লক কৰিছিল যুৱতীগৰাকীয়ে। প্ৰেমত ব্যৰ্থ হৈ যুৱতীক বদনাম কৰিবলৈ পৰিকল্পনা কৰিছিল পাঠকে। আৰক্ষীৰ হাতত পৰিছে যুৱতী আৰু মৃদুপৱনৰ কল ৰেকৰ্ড। অৱশ্যে সাংবাদিকৰ সন্মুখত অভিযোগ অস্বীকাৰ কৰিছে মৃদুপৱন পাঠকে। মছজিদত গাহৰি মাংস দলিওৱাৰ কথাও অস্বীকাৰ যুৱকজনৰ। অৱশ্যে চিঠিত উল্লেখ থকা যুৱতীগৰাকীক চিনি পোৱাৰ কথা স্বীকাৰ। ইপিনে মছজিদ কমিটীৰ সন্মুখত নিজৰ দোষ স্বীকাৰ কৰিছে যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...