ব্ৰাজিলত অনুষ্ঠিত ব্ৰিকছৰ শীৰ্ষ সন্মিলনলৈ কিয় যোৱা নাছিল ঝি জিনপিং?

ব্ৰাজিলত আৰম্ভ হৈছে ব্ৰিক্স শীৰ্ষ সন্মিলন। এই সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। কিন্তু এই আন্তৰ্জাতিক জোটৰ দুই প্ৰধান সদস্য ৰাষ্ট্ৰ চীন আৰু ৰাছিয়াৰ শীৰ্ষ নেতাসকল ব্ৰাজিললৈ যোৱা নাই। তেওঁলোকৰ অনুপস্থিতিক লৈ চৰ্চা চলিছে। চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ব্ৰিক্স সন্মিলনত অংশ নল’লে কিয়, তাক লৈ আন্তৰ্জাতিক মহলত জল্পনা-কল্পনা চলিছে। বিশেষকৈ সাম্প্ৰতিক সময়ত তেওঁলোকৰ ব্ৰিক্সত অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ বুলি বহুতে মত প্ৰকাশ কৰিছে। পুটিনে যদিও সশৰীৰে উপস্থিত থাকিব নোৱাৰিলেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সন্মিলনত যোগদান কৰিব বুলি জনাইছে।

জিনপিঙে নিজে ব্ৰাজিললৈ নগৈ দেশৰ প্ৰধানমন্ত্ৰী লি কিয়াংক পঠিয়াইছে। লি কিয়াং ইতিমধ্যে ব্ৰাজিলত উপস্থিত হৈছে। কিন্তু জিনপিঙৰ অনুপস্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰে। কাৰণ, বিগত ১২ বছৰত এই প্ৰথমবাৰৰ বাবে তেওঁ ব্ৰিক্স সন্মিলনত অংশ নল’লে। একেদৰে পুটিনৰ অনুপস্থিতিক লৈও প্ৰশ্ন উত্থাপিত হৈছে। বহুতে ধাৰণা কৰে যে জিনপিং আৰু পুটিনৰ অনুপস্থিতিৰ বাবে ব্ৰাজিলৰ ব্ৰিক্স সন্মিলনে বহু পৰিমাণে গুৰুত্ব হেৰুৱাইছে।

২০০৯ চনত ব্ৰিক্স গঠন হৈছিল। ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা আছিল ইয়াৰ প্ৰাথমিক সদস্য ৰাষ্ট্ৰ। পিছলৈ আৰু কেইবাখনো দেশে এই আন্তৰ্জাতিক জোটত যোগদান কৰিছে, য’ত আছে সংযুক্ত আৰব আমিৰশাহী, ইৰাণ, ইথিওপিয়া, মিছৰ আৰু ইণ্ডোনেছিয়া। ভূ-ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, এই জোট মূলতঃ আমেৰিকাৰ বিৰোধী এক শক্তি। যদিও ব্ৰিক্সৰ নেতাসকলে ইয়াক পশ্চিম-বিৰোধী জোট বুলি স্বীকাৰ নকৰে। সাম্প্ৰতিক সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কেইবাটাও সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ অভিবাসন নীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক, শুল্ক নীতি আৰু অতি সাম্প্ৰতিক পশ্চিম এছিয়াত ইৰাণৰ বিৰুদ্ধে যুদ্ধত যোগদানৰ বিষয়ে আমেৰিকাৰ ভিতৰত আৰু বাহিৰত সমালোচনা হৈছে। বিশেষজ্ঞসকলৰ মতে, ব্ৰিক্সৰ জৰিয়তে চীন আৰু ৰাছিয়াই এই আন্তৰ্জাতিক পৰিস্থিতিৰ সুবিধা ল’ব পাৰিলেহেঁতেন। কিন্তু জিনপিঙৰ অনুপস্থিতিৰ পিছফালে অন্য কাৰণ দেখিছে কিছুমানে। মাৰ্কিন-চীন সম্পৰ্কৰ পৰ্যবেক্ষক গৰ্ডন চ্যাঙে কৈছে, “বেজিঙত জিনপিঙে ক্ৰমান্বয়ে গুৰুত্ব হেৰুৱাইছে। ব্ৰিক্সত তেওঁৰ অনুপস্থিতি তাৰে এক ইংগিত।”

চীনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে জনোৱা হৈছে যে জিনপিঙে ব্যস্ত সূচীৰ বাবে ব্ৰাজিললৈ যাব নোৱাৰিলে। সেই সময়ত তেওঁৰ অন্য গুৰুত্বপূৰ্ণ কাম আছে। ইয়াৰ উপৰিও এই বছৰৰ আৰম্ভতে জিনপিঙে ব্ৰাজিল ভ্ৰমণ কৰি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ সৈতে বৈঠক কৰিছিল। কিন্তু এই আনুষ্ঠানিক বিবৃতি বহুতে মানি ল’বলৈ নিবিচাৰে। কিছুমানৰ দাবী, জিনপিঙে সাম্প্ৰতিক সময়ত আন্তৰ্জাতিক মঞ্চত নিজৰ প্ৰকাশ্য উপস্থিতি কমাইছে। আগতে যিদৰে তেওঁক প্ৰায়ে দেখা গৈছিল, এতিয়া তাৰ পৰিৱৰ্তন ঘটিছে। বিশেষজ্ঞৰ কিছু অংশৰ মতে, জিনপিঙে চীনৰ অভ্যন্তৰীণ কাৰণত এইবাৰ ব্ৰাজিললৈ যোৱা নাই। তেওঁ দেশৰ অভ্যন্তৰীণ অৰ্থনীতি পৰিচালনাত মনোযোগ দিছে। সেই ক্ষেত্ৰত ব্ৰিক্স এতিয়া তেওঁৰ অগ্ৰাধিকাৰৰ তালিকাত নাই। বহুতে ধাৰণা কৰে যে, এইবাৰৰ ব্ৰিক্সৰ পৰা বেইজিঙে কোনো বৃহৎ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা নাই।

পুটিনে সশৰীৰে ব্ৰাজিললৈ যাব নোৱাৰে। কাৰণ, ব্ৰাজিল আন্তৰ্জাতিক অপৰাধ আদালতৰ (আইচিচি) স্বাক্ষৰকাৰী দেশ। আইচিচিৰ বাধ্যবাধকতা অনুসৰি, ইউক্ৰেইনত যুদ্ধৰ অভিযোগত পুটিনক গ্ৰেপ্তাৰ কৰিবলৈ ব্ৰাজিল চৰকাৰ বাধ্য। একেই কাৰণত ২০২৩ চনত ব্ৰিক্সৰ আন এখন সদস্য ৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ সন্মিলনতো পুটিনে সশৰীৰে উপস্থিত থাকিব নোৱাৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...