ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে মাত মতাৰ ‘শাস্তি’; বিপাঙত পৰিছে ১৩৯গৰাকী চৰকাৰী কৰ্মচাৰী

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰি বিপাঙত পৰিছে আমেৰিকাৰ চৰকাৰী পৰিৱেশ সংস্থা এনভায়ৰনমেণ্টেল প্ৰটেকশ্যন এজেন্সী (ইপিএ)ৰ ১৩৯জন কৰ্মী। সম্প্ৰতি ট্ৰাম্পৰ পৰিৱেশ সম্পৰ্কীয় নীতিৰ সমালোচনা কৰি এখন চিঠিত এই কৰ্মীসকলে গণস্বাক্ষৰ কৰিছিল। বিগত সপ্তাহত চিঠিখন চৰ্চালৈ আহে। তাৰ পিছতেই চিঠিত স্বাক্ষৰ কৰা ১৩৯জন কৰ্মীক ছুটীত পঠিওৱা হৈছে।

বৃহস্পতিবাৰে ইপিএৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে, যদি কোনো আমোলাই চৰকাৰী নীতিৰ অযথা বিৰোধিতা কৰে, তেন্তে তাক সহ্য কৰা নহ’ব। জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চিঠি লিখাৰ বাবেই এই ১৩৯জন কৰ্মীক ছুটীত পঠিওৱা হৈছে বুলি বিবৃতিত জনোৱা হৈছে।

সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি, চিঠিখনত ইপিএৰ বৰ্তমানৰ কৰ্মীৰ লগতে বহু প্ৰাক্তন কৰ্মীৰো স্বাক্ষৰ আছে। যদিও প্ৰকাশ্যলৈ অনা চিঠিখনত কৰ্মীৰ নামসমূহ গোপন ৰখা হৈছে। চিঠিত অভিযোগ কৰা হৈছে যে, পৰিৱেশ নীতিৰ প্ৰতি গুৰুত্ব নিদি ট্ৰাম্প প্ৰশাসনে প্ৰদূষণকাৰীসকলক সুবিধা প্ৰদান কৰিছে। ইয়াৰ উপৰিও, ট্ৰাম্পে অধিক জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ অনুমতি দি যি নিৰ্দেশনামাত স্বাক্ষৰ কৰিছিল, তাৰো বিৰোধিতা কৰা হৈছে।

ইপিএই আমেৰিকাত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়ত গৱেষণা চলায় আৰু চৰকাৰক প্ৰস্তাৱ বা পৰামৰ্শ দিব পাৰে। সম্প্ৰতি এই সংস্থাৰ কাঠামোত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। সংস্থাৰ গৱেষণা শাখা বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। লগতে, গৱেষণা খণ্ডৰ বাবে কেইবা কোটি টকাৰ অনুদান বন্ধ কৰাৰ সিদ্ধান্তো লৈছে ট্ৰাম্প প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...