ধাৰাবাহিক ডাৱৰ বিস্ফোৰণ, বৰষুণৰ ফলত হিমাচল প্ৰদেশত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি!

একেৰাহে ডাৱৰ বিস্ফোৰণ, বানপানী আৰু ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশ বিধ্বস্ত হৈ পৰিছে। মঙলবাৰৰ পৰা মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ১১বাৰ ডাৱৰ বিস্ফোৰণ হৈছে। বহু লোক নিৰুদ্দেশ হৈ আছে। বৃহস্পতিবাৰৰ পুৱা আৰু কেইজনমানৰ মৃতদেহ উদ্ধাৰ হোৱাত মৃতকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি পাইছে।

সংবাদ সংস্থা পিটিআইৰ মতে, মঙলবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যখনত মুঠ ১১বাৰ ডাৱৰ বিস্ফোৰণ হৈছে, যাৰ অধিকাংশই সংঘটিত হৈছে মণ্ডী জিলাত। কিছুমান ঠাইত ভূমিস্খলনো হৈছে। একেৰাহে বৰষুণ আৰু ইটোৰ পিছত সিটো দুৰ্যোগৰ ফলত সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। বুধবাৰৰ দিনটোতো চিৰমৌৰ জিলাত গোটেই ৰাতি প্ৰবল বৰষুণ হৈছে। এতিয়ালৈকে কমেও ২৯জন লোক নিৰুদ্দেশ হৈ আছে। তেওঁলোকৰ সন্ধানত এনডিআৰএফ আৰু এছডিআৰএফ, হোমগাৰ্ড আৰু আৰক্ষীৰ যুটীয়া দলে উদ্ধাৰ অভিযান চলাই আছে।

ইয়াৰ উপৰিও, সপ্তাহৰ অন্তত উনা, হমীৰপুৰ, কাংড়া আৰু মণ্ডী জিলাত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে। প্ৰবল বৰষুণৰ ফলত ৰাজ্যৰ ২৬১টা পথ বন্ধ হৈ গৈছে, তাৰ ভিতৰত ১৮৬টা পথ মণ্ডী জিলাৰ। ৫৯৯টা ট্ৰান্সফৰ্মাৰ বিকল হৈ পৰিছে, যাৰ ফলত বিস্তীৰ্ণ এলেকাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে। চৰকাৰী বিষয়াসকলে জনোৱা মতে, একেৰাহে দুৰ্যোগৰ ফলত ১৫০ৰো অধিক ঘৰ, ১৪খন দলং আৰু কেইবাটাও পথ ক্ষতিগ্ৰস্ত হৈছে। ১৬২টাৰো অধিক গৰু-ম’হৰ মৃত্যু হৈছে। ক্ষতিগ্ৰস্ত এলেকাসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে পৰিদৰ্শন কৰিছে। তেওঁ আশ্বাস দিছে যে, যিসকলৰ ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হৈছে,  তেওঁলোকৰ বাবে চৰকাৰী মাটিত পুনৰ্বাসনৰ ব্যৱস্থা কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...