পথ দুৰ্ঘটনাত লিভাৰপুলৰ ফুটবলাৰ ডিঅ’গো জোটাৰ মৃত্যু

অকালতে প্ৰাণ হেৰুৱালে লিভাৰপুলৰ ষ্ট্ৰাইকাৰ ডিঅ’গো জোটাই। স্পেইনত এটা পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছে। মাত্ৰ দুই সপ্তাহ আগতে তেওঁ দীৰ্ঘদিনৰ প্ৰেমিকা ৰুটে কাৰ্ডোচোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ তিনিটি সন্তান আছে। ২৮ বছৰীয়া এই ফুটবলাজনে পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলিছিল।

জোটাৰ মৃত্যুৰ খবৰ প্ৰথমে স্পেইনৰ সংবাদ মাধ্যমত প্ৰকাশ পায়। পিছত পৰ্তুগালৰ ফুটবল সংস্থাৰ প্ৰধান পেদ্ৰো প্ৰয়েনচাওৱে এই খবৰৰ সত্যতা নিশ্চিত কৰে। এক বিবৃতিত তেওঁ লিখিছে, “পৰ্তুগালৰ ফুটবল সংস্থা আৰু পৰ্তুগালৰ ফুটবলৰ সৈতে জড়িত সকলোৱে এই খবৰত বিধ্বস্ত। জাতীয় দলৰ হৈ তেওঁ প্ৰায় ৫০খন মেচ খেলিছিল। মানুহ হিচাপে জোটা আছিল অসাধাৰণ। সতীৰ্থ আৰু প্ৰতিদ্বন্দ্বী সকলোৱে তেওঁক সন্মান কৰিছিল।”

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জোটাৰ সৈতে গাড়ীত তেওঁৰ ভাই আন্দ্ৰে আছিল। স্থানীয় সময় বুধবাৰৰ ৰাতি ১২:৪০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। বিলাসবহুল গাড়ীত ভায়েকৰ সৈতে যাত্ৰা কৰি আছিল জোটা। আন এখন গাড়ীক অতিক্ৰম কৰিবলৈ গৈ তেওঁলোকৰ গাড়ীখন উলটি যায়। লগে লগে বিস্ফোৰণ ঘটে। স্থানীয় প্ৰশাসনে সামাজিক মাধ্যমত দুয়োৰে মৃত্যুৰ কথা জনাইছে। জামোৰা প্ৰদেশৰ চেৰ্নাডিলা অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। আন্দ্ৰে পৰ্তুগালৰ দ্বিতীয় ডিভিজনৰ ফুটবল ক্লাবত খেলিছিল।

২০২০ চনত জোটাই উলভাৰহাম্পটনৰ পৰা লিভাৰপুলত যোগদান কৰিছিল। তাৰ পিছত তৎকালীন প্ৰশিক্ষক জুৰ্গেন ক্লপৰ দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হৈ পৰিছিল। নিয়মিতভাৱে প্ৰথম একাদশত সুযোগ লাভ কৰিছিল। লিভাৰপুলৰ লিগ জয়ী দলতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ২৬খন মেচ খেলিছিল।

সম্প্ৰতি জোটাই পৰ্তুগালৰ হৈ উয়েফা নেশ্বনছ লিগত জয়লাভ কৰিছিল। ফাইনেলত তেওঁ পৰিৱৰ্তিত খেলুৱৈ হিচাপে খেলপথাৰত নামিছিল। কেইঘণ্টামান আগতে তেওঁ নিজৰ বিবাহৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু লিখিছিল যে, তেওঁ পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান পুৰুষ।

জোটাৰ জন্ম পৰ্তোত। তাতেই পাকোচ দে ফেৰেৰাৰ ক্লাবৰ হৈ তেওঁ ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৫ চনত তেওঁৰ অভিষেক ঘটে। এবছৰ পিছত তেওঁ স্পেইনৰ আতলেতিকো মাদ্ৰিদত যোগদান কৰে, কিন্তু লা লিগাত এখনো মেচ খেলিবলৈ সুযোগ নাপালে। এবছৰ তেওঁ এফচি পৰ্তোত কটায়, য’ত তেওঁ আঠটা গ’ল কৰে। তাৰ পিছত উলভছৰ দৃষ্টিত পৰে। প্ৰথমে ধাৰত আৰু পিছত স্থায়ীভাৱে উলভছে জোটাক কিনি লয়। প্ৰথম ছিজনত ১৭টা আৰু পৰৱৰ্তী ছিজনত ১৬টা গ’ল কৰে তেওঁ।

লিভাৰপুলৰ প্ৰাক্তন প্ৰশিক্ষক ক্লপে ফৰৱাৰ্ডৰ বিকল্প বৃদ্ধিৰ বাবে জোটাক কিনিছিল। লিভাৰপুলত পিছৰ পাঁচটা ছিজনত তেওঁ ইপিএলত ৪৭টা গ’ল কৰিছিল। প্ৰিমিয়াৰ লিগৰ উপৰিও তেওঁ এফএ কাপ আৰু দুবাৰকৈ লিগ কাপ জয় কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...