ৰাছিয়াৰ সৈতে ব্যৱসায় কৰিলে আৰোপ কৰা হ’ব ৫০০ শতাংশ শুল্ক! আমেৰিকাৰ নতুন বিধেয়ক

ৰিপাব্লিকান ছিনেটৰ লিন্ডচে গ্ৰাহামে আমেৰিকাৰ কংগ্ৰেছত এখন বিল উত্থাপন কৰিছিল। মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই বিলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। বিলখনত কোৱা হৈছে যে, আমেৰিকাৰ নিষেধাজ্ঞা অমান্য কৰি যদি কোনো দেশে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক অব্যাহত ৰাখে, তেন্তে সেই দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

ছিনেটৰ গ্ৰাহামে বিলৰ লক্ষ্যও স্পষ্ট কৰি দিছে। তেওঁ কৈছে, “যদি আপুনি ৰাছিয়াৰ পৰা সামগ্ৰী কিনে, তেন্তে আমেৰিকালৈ অহা আপোনাৰ সামগ্ৰীৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।” ইয়াৰ পিছতেই তেওঁ মন্তব্য কৰে যে, ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা ৭০ শতাংশ তেল কিনে আৰু এইদৰে তেওঁলোকে ভ্লাদিমিৰ পুটিনৰ যুদ্ধ চলাই ৰাখিছে। ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে বেইজিং আৰু নতুন দিল্লীৰ বিৰুদ্ধে আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে বুলিও তেওঁ সতৰ্কবাণী দিছে। অৰ্থাৎ, এই বিল অনুমোদিত হ’লে ভাৰতীয় অৰ্থনীতিত প্ৰত্যক্ষ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

ঘটনাক্ৰমে, দীৰ্ঘদিনীয়া আলোচনাৰ পিছত বিগত সপ্তাহত আমেৰিকাই চীনৰ সৈতে এখন বাণিজ্য চুক্তি চূড়ান্ত কৰিছে। আগন্তুক ৯ জুলাইৰ ভিতৰত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি কাৰ্যকৰী কৰাৰ লক্ষ্যৰে ট্ৰাম্প চৰকাৰৰ প্ৰতিনিধিসকলে নতুন দিল্লীৰ সৈতে আলোচনা চলাইছে। উল্লেখযোগ্য যে, নীতিগত দূৰত্ব পাহৰি গ্ৰাহামৰ আগবঢ়োৱা ‘চেংশ্বনিং ৰাছিয়া এক্ট, ২০২৫’ বিলখনক বিৰোধী ডেম’ক্ৰেট শিবিৰেও সমৰ্থন জনাইছে। ডেম’ক্ৰেট ছিনেটৰ ৰিচাৰ্ড ব্লুমেন্থাল এই বিলৰ অন্যতম প্ৰস্তাৱক। তেওঁৰ যুক্তি, “ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপৰ প্ৰয়োজন।”

এতিয়ালৈকে ১০০ সদস্যৰ আমেৰিকাৰ ছিনেটৰ ৮৪জন সদস্যই বিলখনক সমৰ্থন কৰিছে বুলি গ্ৰাহামৰ দাবী। বিগত মে’ মাহৰ তথ্য অনুসৰি, ভাৰতে ৰাছিয়াৰ পৰা দৈনিক ১৯ লাখ ৬০ হাজাৰ বেৰেল তেল আমদানি কৰিছিল। জুন মাহত সেয়া দৈনিক ২০ লাখ বেৰেল অতিক্ৰম কৰিছে, যিটো ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিৰ পৰা এক নজিৰ। ভাৰত আৰু চীনে একেলগে তেওঁলোকৰ প্ৰায় ৭০ শতাংশ তেল ৰাছিয়াৰ পৰা আমদানি কৰে। গ্ৰাহামৰ যুক্তি, এই আমদানি ৰোধ কৰিব পাৰিলে ৰাছিয়াৰ অৰ্থনীতি দুৰ্বল হৈ পৰিব, যাৰ ফলত ইউক্ৰেইনত ৰুছ সৈন্যৰ আক্ৰমণ স্তিমিত হৈ পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...