আজিৰে পৰা ৮ দিনীয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজিৰে পৰা ৮ দিনীয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৮ দিনীয়া ভ্ৰমণকালত ৫ খন ৰাষ্ট্ৰলৈ যাব প্ৰধানমন্ত্ৰী। আজি ঘানা ভ্ৰমণেৰে আৰম্ভ হ’ব মোদীৰ বিদেশ ভ্ৰমণৰ কাৰ্যসূচী। দুখন মহাদেশলৈও যাব প্ৰধানমন্ত্ৰী। ঘানাৰ পৰা ট্ৰিনিদাদ-টবাগ’লৈ যাব নৰেন্দ্ৰ মোদী। দ্বীপৰাষ্ট্ৰখনৰ সংসদৰ যুটীয়া অধিবেশনত ভাষণ দিব মোদীয়ে। ৪ জুলাইত আৰ্জেন্টিনালৈ যাব প্ৰধানমন্ত্ৰী মোদী। আৰ্জেন্টিনাত ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেইৰ সৈতে বহিব আলোচনাত। ৫ জুলাইত উপস্থিত হ’ব ব্ৰাজিলত। ব্ৰাজিলতেই সৰ্বাধিক দিন কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫ জুলাইৰ পৰা ৮ জুলাইলৈ ব্ৰাজিলতে থাকিব নৰেন্দ্ৰ মোদী। ৰিঅ’ দা জেনেইৰ’ত হ’বলগীয়া ব্ৰিকছ সন্মিলনতো অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। নামিবিয়া ভ্ৰমণেৰে সামৰণি পৰিব প্ৰধানমন্ত্ৰীৰ এই বিদেশ ভ্ৰমণ। মন কৰিবলগীয়া যে ১০ বছৰত এয়াই মোদীৰ আটাইতকৈ দীঘলীয়া বিদেশ ভ্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...