ৰাজ‍্যত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি

ৰাজ‍্যত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি। ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। জাপানীজ এনকেফেলাইটিছত GMCHত মৃত্যু ৩ কিশোৰসহ ৪ ৰোগীৰ। এটি ৭ বছৰীয়া, এটি ১০ বছৰীয়া আৰু এটি ১২ বছৰীয়া কিশোৰৰ মৃত্যু JEত। এগৰাকী ৮১ বছৰীয়া বৃদ্ধৰো JEত মৃত্যু হৈছে GMCHত। বৰ্তমানো GMCHত চিকিৎসাধীন হৈ আছে ৩২ গৰাকী JEত আক্ৰান্ত ৰোগী। কামৰূপৰ সৰ্বাধিক ১২ জন ৰোগী আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। নলবাৰীৰ ৮, দৰঙৰ ৫ গৰাকী JEত আক্ৰান্ত ৰোগী বৰ্তমান চিকিৎসাধীন। বাইহাটা, মুকালমুৱা, মৰিগাঁও জিলাতো বৃদ্ধি JEত সংক্ৰমণৰ ঘটনা। JEত আক্ৰান্ত ৰোগীৰ প্ৰথম অৱস্থাত প্ৰচণ্ড জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ অনুভৱ হয়। এনেবোৰ লক্ষণ দেখা পালেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান GMCH কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...