গুৱাহাটী মহানগৰীৰ বিশিষ্ট নাগৰিক তথা প্ৰাক্তন জিলা ন্যায়াধীশ দিলীপ কুমাৰ দাসৰ আজি পুৱতি নিশা ৰিহাবাৰীৰ নিজ বাসভৱনত মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা ন্যায়াধীশ দাসৰ বয়স ৭৮ বছৰ হৈছিল।

ৰাজ্যৰ ভিন্ন প্ৰান্তত ন্যায়াধীশৰূপে কৰ্মৰত থকা দিলীপ কুমাৰ দাসৰ বিয়োগত ৰিহাবাৰী এলেকাত শোকৰ ছাঁ পৰিছে। তেওঁ ৰিহাবাৰী উন্নয়ন সমিতিৰ সদস্য আছিল। দুপৰীয়া বহু গুণমুগ্ধৰ উপস্থিতিত নবগ্ৰহ শ্মশানত তেওঁৰ সম্পন্ন কৰা হ’ব।
