তিনিচুকীয়াৰ এগৰাকী মহিলাই দৃষ্টি কাঢ়িছে সকলোৰে

তিনিচুকীয়াৰ এগৰাকী মহিলাই দৃষ্টি কাঢ়িছে সকলোৰে। মুখ্যমন্ত্ৰীৰো মন জয় কৰিছে মহিলাগৰাকীয়ে। নামঃ বেবী গগৈ চেতিয়া। হয়, তিনিচুকীয়াৰ গেলাপুখুৰীৰ বেবী গগৈ চেতিয়াৰ কৰ্মই এতিয়া আপ্লুত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো। ইটাখুলি উন্নয়ন খণ্ডৰ কৃষি সখী বেবী গগৈ চেতিয়াৰ কৃষি কৰ্মৰ আধুনিক পদ্ধতিক প্ৰশংসা সৰ্বজনৰ।

ড্ৰ’নৰ জৰিয়তে কৃষি পথাৰত ঔষধ চটিয়াই চৰ্চাত বেবী গগৈ চেতিয়া। কৃষি সখী হিচাপে কৰ্মৰত বেবী গগৈয়ে আধুনিক পৰিস্থিতিৰ স’তে মিলিব পৰাকৈ কৃষি পথাৰত এইদৰে উন্নত পদ্ধতিৰে সাৰ-পানী যোগান ধৰা কাৰ্যত এতিয়া মোহাচন্ন সকলো। মহিলাগৰাকীৰ এই কাৰ্য মুখ্যমন্ত্ৰীৰ চকুত পৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এইদৰে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিলে, ‘‘এখন শক্তিশালী ছবি’’।

মহিলা সবলীকৰণৰ দিশত আৰু এখোজ আগবাঢ়ি তিনিচুকীয়াৰ বেবী গগৈ চেতিয়াই দেখুৱালে আধুনিক অসমীয়া মহিলাই কৰিব নোৱাৰে কি। বেবী গগৈ চেতিয়াৰ এই কাৰ্যই কৃষিখণ্ডত আনিব এক নতুন জোৱাৰ।

তিনিচুকীয়াত বৰ্তমানলৈ মুঠ তিনিগৰাকী এনে কৃষি সখীৰ লগতে সমগ্ৰ অসমত মুঠ ১৮ গৰাকী কৃষি সখীক প্ৰশিক্ষণ প্ৰদান কৰিছে কৃষি বিভাগে। পৰিস্থিতিৰ স’তে মিলিব পৰাকৈ কৃষিত উন্নত পদ্ধতি ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিভাগে। এই পদক্ষেপ হাতত লৈ এইদৰে আগবাঢ়ি অহা বেবী গগৈ চেতিয়াৰ কৰ্মত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বীৰ লগতে জিলা কৃষি বিষয়াই জনালে শুভেচ্ছা। সকলোকে এইক্ষেত্ৰত আগবাঢ়ি যাবলৈ জনালে আহ্বান।

বেবী গগৈ চেতিয়াৰ দৰেই অসমৰ মহিলা ওলাই আহক এইদৰে। নতুনত্বক আদৰি প্ৰতিতো খণ্ডতে আগবাঢ়ি যাওক আজিৰ অসমৰ মহিলা। সকলোৰে এতিয়া এয়াই আশা। এয়াই প্ৰত্যাশা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...