জীয়ৰী বুলি সৎকাৰ কৰিলে আন যুৱতীক, মৃত্যু হোৱা কিশোৰীক উদ্ধাৰ গুৱাহাটীত

নগাঁৱৰ ৰহাৰ কিশোৰী হত্যাকাণ্ডৰ ঘটনাই লৈছে চাঞ্চল্যকৰ মোৰ। জীৱিত অৱস্থাত উদ্ধাৰ কৰা হ’ল কিশোৰীগৰাকীক। গুৱাহাটীৰ গটঙা গড়চুকৰ পৰা উদ্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। পম্পী দলে নামৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈ আছিল কিশোৰীগৰাকীয়ে। পম্পীৰ অট’চালক ভাতৃয়ে ISBTৰ সমীপৰ পৰা লৈ গৈছিল ঘৰলৈ। ISBTৰ সমীপত কিশোৰীগৰাকীক উদ্ধাৰ কৰিছিল অট’ চালকজনে। গুৱাহাটীলৈ ৰাহুল সিং নামৰ এজন ট্ৰাক ড্ৰাইভাৰৰ সৈতে আহিছিল কিশোৰীগৰাকী। ISBTত বিহাৰৰ ২লোকৰ সৈতে কটাইছিল কিশোৰীগৰাকীয়ে। কিশোৰীগৰাকী উদ্ধাৰৰ পিছতে ডিফলু শিৱ মন্দিৰৰ কাষত উদ্ধাৰ হোৱা মৃতদেহক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। এই মৃতদেহ কাৰ তাক লৈ এতিয়া তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। উদ্ধাৰ হোৱা মৃতদেহক লৈ আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...