USTM-ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ উদযাপন

IA Ayurvedic Medical College, USTM, PA Sangma International Medical College, আৰু USTMৰ বিভিন্ন বিভাগৰ উদ্যোগত যৌথ ভাৱে আজি ৰাতিপুৱাৰ ভাগত এক উজ্জ্বল আৰু উদ্যমপূৰ্ণ যোগ অনুশীলনৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ উদযাপন কৰা হয়।
USTM ৰ আচাৰ্য মহবুবুল হক, PRO Vice Chancellor পদ্মশ্ৰী সৰ্বেশ্বৰ চহৰীয়াৰ লগতে চিকিৎসক, ছাত্ৰ-ছাত্ৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ,অধ্যাপিকা আৰু কৰ্মচাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক এক অপূৰ্ব ৰূপ প্ৰদান কৰে।


অনুষ্ঠানটো আৰম্ভ হয় পৰম্পৰাগত যোগ শ্লোক পাঠৰ জৰিয়তে, যিয়ে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। তাৰ পিছত IAMC-ৰ অধ্যক্ষ প্ৰফেছাৰ (ডাঃ) ৰামা কান্ত শৰ্মা-য়ে সকলকে স্বাগতম জনাই যোগৰ দৈনন্দিন জীৱনত গুৰুত্ব বৰ্ণনা কৰে। ইয়াৰ পাছতে (ডাঃ) অনিল কুমাৰ শৰ্মা-য়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৃষ্টিভংগী আৰু লক্ষ্য সম্বন্ধে বিস্তৃতভাৱে আলোকপাত কৰে।
অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল Common Yoga Protocol (CYP) অনুসৰি কৰা সমূহ যোগ অনুশীলন, য’ত সকলে একেলগে অংশ লৈ শারীৰিক আৰু মানসিক সু-স্বাস্থ্যৰ অনুভৱ কৰে।
এই শুভ অনুষ্ঠানত USTM-ৰ মাননীয় আচার্য শ্ৰী মহবুবুল হক-ৰ উপস্থিতিয়ে সকলক বিশেষ অনুপ্ৰেৰণা যোগায়। তেওঁৰ উৎসাহব্যঞ্জক বক্তব্যই সকলোকে অধিক উৎসাহী কৰি তোলে।
এই বছৰটোৰ থীম “Yoga for One Earth, One Health” (এটা পৃথিৱীৰ বাবে, এটা স্বাস্থ্যৰ বাবে যোগ)-এ আমাৰ ব্যক্তিগত সু-স্বাস্থ্য আৰু পৰিৱেশৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথা মনত পেলায়।
IAMC-এ পৰম্পৰাগত আয়ুৰ্বেদ আৰু যোগ বিদ্যাৰ জৰিয়তে স্বাস্থ্য, সম্প্ৰীতি আৰু টেকসই জীৱনশৈলী উদ্ভাৱনৰ প্ৰতিশ্ৰুতি আগবঢ়াই আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...