জীয়ৰী বুলি সৎকাৰ কৰিলে আন যুৱতীক, মৃত্যু হোৱা কিশোৰীক উদ্ধাৰ গুৱাহাটীত

নগাঁৱৰ ৰহাৰ কিশোৰী হত্যাকাণ্ডৰ ঘটনাই লৈছে চাঞ্চল্যকৰ মোৰ। জীৱিত অৱস্থাত উদ্ধাৰ কৰা হ’ল কিশোৰীগৰাকীক। গুৱাহাটীৰ গটঙা গড়চুকৰ পৰা উদ্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। পম্পী দলে নামৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈ আছিল কিশোৰীগৰাকীয়ে। পম্পীৰ অট’চালক ভাতৃয়ে ISBTৰ সমীপৰ পৰা লৈ গৈছিল ঘৰলৈ। ISBTৰ সমীপত কিশোৰীগৰাকীক উদ্ধাৰ কৰিছিল অট’ চালকজনে। গুৱাহাটীলৈ ৰাহুল সিং নামৰ এজন ট্ৰাক ড্ৰাইভাৰৰ সৈতে আহিছিল কিশোৰীগৰাকী। ISBTত বিহাৰৰ ২লোকৰ সৈতে কটাইছিল কিশোৰীগৰাকীয়ে। কিশোৰীগৰাকী উদ্ধাৰৰ পিছতে ডিফলু শিৱ মন্দিৰৰ কাষত উদ্ধাৰ হোৱা মৃতদেহক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। এই মৃতদেহ কাৰ তাক লৈ এতিয়া তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। উদ্ধাৰ হোৱা মৃতদেহক লৈ আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...