পঞ্জাবৰ কমল কৌৰৰ হত্যাকাণ্ডৰ বিষয়ে মাত মাতি মৃত্যুৰ ভাবুকি লাভ কৰিলে আন এগৰাকী ইনফ্লুয়েঞ্চাৰে

পঞ্জাবৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ কাঞ্চন কুমাৰী ওৰফে কমল কৌৰৰ হত্যাকাণ্ডৰ পিছতে একে ৰাজ্যৰ আন এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ দীপিকা লুথৰাই হত্যাৰ ভাবুকি লাভ কৰিছে। দীপিকাই এই হত্যাকাণ্ডৰ বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছিল। অভিযোগ অনুসৰি, তাৰ পিছৰে পৰা তেওঁক নিৰন্তৰ হত্যাৰ ভাবুকি দিয়া হৈছিল। তাৰ পিছত তেওঁ সেই পোষ্টটো আঁতৰাবলৈ বাধ্য হয় আৰু তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টটোও নিষ্ক্ৰিয় কৰি দিয়ে।

অমৃতসৰৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ দীপিকাৰ অভিযোগ, তেওঁ কমল কৌৰৰ হত্যাকাণ্ডৰ বিষয়ে সামাজিক মাধ্যমত কিছু কথা লিখিছিল। সেই লেখা পোষ্ট কৰাৰ পিছত তেওঁক ভাবুকিৰ সন্মুখীন হ’বলগীয়া হয়। ভাবুকি লাভ কৰাৰ পিছত তেওঁ তৎক্ষণাত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁৰ ঘৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ভাবুকি দিয়াৰ অভিযোগত এজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে ,যে কমল কৌৰৰ হত্যাকাণ্ডত অভিযুক্ত অমৃতপাল সিং মেহৰোৰ পৰা এই ভাবুকিৰ ফোন আহিছিল বুলি সন্দেহ কৰা হৈছে।

তদন্তকাৰী এজন বিষয়াই জনাইছে যে, ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ব্যক্তিৰ সৈতে অমৃতপালৰ কোনো সংযোগ আছে নেকি, তাক পৰীক্ষা কৰা হৈছে। ৯ জুনত পঞ্জাবৰ ভাটিণ্ডাৰ এখন বিশ্ববিদ্যালয়ৰ চত্বৰত ৰখাই থোৱা গাড়ীৰ পৰা কমল কৌৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। হত্যাৰ অভিযোগ উঠিছিল অমৃতপালৰ বিৰুদ্ধে। ভাটিণ্ডাৰ আৰক্ষী অধীক্ষক অৱনীত কোণ্ডলে জনাইছে যে, অমৃতপাল সংযুক্ত আৰৱ আমিৰশাহীলৈ পলাই গৈছে। আৰক্ষীৰ ধাৰণা, অমৃতসৰৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰক হত্যাৰ ভাবুকি দিয়াৰ পিছত অমৃতপালৰ হাত আছে।

কমল কৌৰৰ ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা প্ৰায় চাৰি লাখ। ইউটিউবত অনুগামীৰ সংখ্যা প্ৰায় আঢ়ৈ লাখ। তেওঁ ‘ফানী ভাবী টিভি’ নামৰ এটা ইউটিউব চেনেল চলাইছিল। ইয়াৰ উপৰি ইনষ্টাগ্ৰামত ‘ইনষ্টা কুইন’ নামৰ এটা একাউণ্টো আছিল তেওঁৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...