পঞ্জাবৰ কমল কৌৰৰ হত্যাকাণ্ডৰ বিষয়ে মাত মাতি মৃত্যুৰ ভাবুকি লাভ কৰিলে আন এগৰাকী ইনফ্লুয়েঞ্চাৰে

পঞ্জাবৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ কাঞ্চন কুমাৰী ওৰফে কমল কৌৰৰ হত্যাকাণ্ডৰ পিছতে একে ৰাজ্যৰ আন এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ দীপিকা লুথৰাই হত্যাৰ ভাবুকি লাভ কৰিছে। দীপিকাই এই হত্যাকাণ্ডৰ বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছিল। অভিযোগ অনুসৰি, তাৰ পিছৰে পৰা তেওঁক নিৰন্তৰ হত্যাৰ ভাবুকি দিয়া হৈছিল। তাৰ পিছত তেওঁ সেই পোষ্টটো আঁতৰাবলৈ বাধ্য হয় আৰু তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টটোও নিষ্ক্ৰিয় কৰি দিয়ে।

অমৃতসৰৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ দীপিকাৰ অভিযোগ, তেওঁ কমল কৌৰৰ হত্যাকাণ্ডৰ বিষয়ে সামাজিক মাধ্যমত কিছু কথা লিখিছিল। সেই লেখা পোষ্ট কৰাৰ পিছত তেওঁক ভাবুকিৰ সন্মুখীন হ’বলগীয়া হয়। ভাবুকি লাভ কৰাৰ পিছত তেওঁ তৎক্ষণাত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁৰ ঘৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ভাবুকি দিয়াৰ অভিযোগত এজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে ,যে কমল কৌৰৰ হত্যাকাণ্ডত অভিযুক্ত অমৃতপাল সিং মেহৰোৰ পৰা এই ভাবুকিৰ ফোন আহিছিল বুলি সন্দেহ কৰা হৈছে।

তদন্তকাৰী এজন বিষয়াই জনাইছে যে, ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ব্যক্তিৰ সৈতে অমৃতপালৰ কোনো সংযোগ আছে নেকি, তাক পৰীক্ষা কৰা হৈছে। ৯ জুনত পঞ্জাবৰ ভাটিণ্ডাৰ এখন বিশ্ববিদ্যালয়ৰ চত্বৰত ৰখাই থোৱা গাড়ীৰ পৰা কমল কৌৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। হত্যাৰ অভিযোগ উঠিছিল অমৃতপালৰ বিৰুদ্ধে। ভাটিণ্ডাৰ আৰক্ষী অধীক্ষক অৱনীত কোণ্ডলে জনাইছে যে, অমৃতপাল সংযুক্ত আৰৱ আমিৰশাহীলৈ পলাই গৈছে। আৰক্ষীৰ ধাৰণা, অমৃতসৰৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰক হত্যাৰ ভাবুকি দিয়াৰ পিছত অমৃতপালৰ হাত আছে।

কমল কৌৰৰ ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা প্ৰায় চাৰি লাখ। ইউটিউবত অনুগামীৰ সংখ্যা প্ৰায় আঢ়ৈ লাখ। তেওঁ ‘ফানী ভাবী টিভি’ নামৰ এটা ইউটিউব চেনেল চলাইছিল। ইয়াৰ উপৰি ইনষ্টাগ্ৰামত ‘ইনষ্টা কুইন’ নামৰ এটা একাউণ্টো আছিল তেওঁৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...