যান্ত্রিক ত্রুটিৰ বাবে বিমানত আবদ্ধ হৈ পৰিল ছত্তীশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী বাঘেল আৰু অন্যান্য যাত্রী

বিমানত যান্ত্রিক ত্রুটিৰ ফলত বিপদত পৰিল ছত্তীশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছ নেতা ভূপেশ বাঘেল। ৰায়পুৰত বিমান অৱতৰণৰ পিছতো প্ৰায় আধা ঘণ্টা ধৰি তেওঁ বিমানৰ ভিতৰত বহি থাকিবলগীয়া হ’ল। সূত্ৰৰ খবৰ অনুসৰি, বিমানখনে সফলভাৱে অৱতৰণ কৰাৰ পিছতো যান্ত্রিক ত্রুটিৰ বাবে বিমানৰ দুৱাৰ খুলিব পৰা নাছিল। ফলত বাঘেলৰ লগতে অন্য যাত্রীসকলো বিমানৰ ভিতৰত আবদ্ধ হৈ পৰে।

‘ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদন অনুসৰি, ঘটনাটো সংঘটিত হৈছিল দিল্লীৰ পৰা ৰায়পুৰলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানত। বিমান সংস্থাটোৰ ৬ই ৬৩১২ নম্বৰৰ বিমানখনত বাঘেলৰ উপৰিও আছিল ছত্তীশগড়ৰ সৰাইপালিৰ কংগ্রেছ বিধায়ক চতুৰী নন্দ আৰু ৰায়পুৰৰ মেয়ৰ মীনল চৌবে। বুধবাৰে দুপৰীয়া ২ বাজি ২৫ মিনিটত বিমানখন ৰায়পুৰ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে। কিন্তু যাত্রীসকলৰ বিমানৰ পৰা নামি অহাৰ সময়ত সমস্যাৰ সৃষ্টি হয়। যান্ত্রিক ত্রুটিৰ বাবে বিমানৰ দুৱাৰ খুলিব পৰা নাছিল। প্ৰায় আধা ঘণ্টা ধৰি বাঘেলৰ লগতে অন্য যাত্রীসকল বিমানৰ ভিতৰত আবদ্ধ হৈ থাকে। পিছত দুৱাৰ খোল খায় আৰু সকলোৱে নিৰাপদে বাহিৰলৈ ওলাই আহে।

এই ঘটনাৰ বিষয়ে সংস্থাটোৰ তৰফৰ পৰা এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই। যদিও সূত্ৰৰ খবৰ, বিমানৰ কৰ্মচাৰীসকলে মূল দুৱাৰ খোলাৰ চেষ্টা কৰিও প্ৰথমে বিফল হয়। বিমানৰ কেবিনৰ স্ক্ৰীণত ‘নো চিগনেল’ বুলি দেখা গৈছিল বুলি আহিছে খবৰ। পিছত বাঘেলে কয়, “বিমানৰ দুৱাৰত কিছু কাৰিকৰী সমস্যা হৈছিল। প্ৰায় আধা ঘণ্টা ধৰি চেষ্টাৰ পিছত অৱশেষত দুৱাৰ খোল খায় আৰু যাত্রীসকল নিৰাপদে বাহিৰলৈ ওলাই আহে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...