বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ আছে। এই পাছ এবাৰ কিনিলে গ্ৰাহকে গোটেই বছৰ ব্যৱহাৰ কৰিব পাৰিব।

বুধবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে, আগষ্টৰ ১৫ তাৰিখৰ পৰা ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা কাৰ্যকৰী হ’ব। এই পাছৰ মূল্য হ’ব তিনি হাজাৰ টকা। এই পাছৰ ম্যাদ এবছৰ। এই পাছৰ দ্বাৰা গ্ৰাহকে টোল প্লাজাৰ মাজেৰে মুঠ ২০০বাৰ যাতায়াত কৰিব পাৰিব। যদি কোনো গ্ৰাহকে এবছৰৰ ভিতৰতে ২০০বাৰতকৈ অধিক যাতায়াত কৰে, তেন্তে তেওঁ নতুনকৈ পাছ কিনিব লাগিব। বৰ্তমানৰ বাবে এই ব্যৱস্থা কেৱল অবাণিজ্যিক-ব্যক্তিগত বাহনৰ বাবেহে আৰম্ভ হৈছে।

কেন্দ্ৰই জনাইছে যে, এই পাছ ৰাজমাৰ্গ যাত্ৰা এপ, জাতীয় পথ কৰ্তৃপক্ষৰ ৱেবছাইট আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে কিনিব পৰা যাব। পুনৰ্নবীকৰণো এই মাধ্যমৰ জৰিয়তে কৰিব পৰা যাব।

দেশৰ বিভিন্ন টোল প্লাজাত টকা পৰিশোধৰ সময়ত যানজঁটৰ সমস্যা এৰাই চলিবলৈ আৰু টোল সংগ্ৰহক এক নিৰ্দিষ্ট ব্যৱস্থাৰ অধীনলৈ আনিবলৈ NHAIয়ে ফাষ্টটেগৰ ব্যৱস্থা আৰম্ভ কৰিছিল। এই ব্যৱস্থাত ব্যৱহাৰকাৰীয়ে বেংক বা আৰ্থিক প্ৰতিষ্ঠানৰ পৰা ফাষ্টটেগ কিনি বাহনৰ কাঁচত (উইণ্ডশ্বিল্ডত) লগায়।

তথাপিও টোল প্লাজাত যানজঁটৰ সমস্যা সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই। এই সমস্যা ৰোধ কৰিবলৈ কেন্দ্ৰই ফাষ্টটেগৰ ব্যৱস্থাত বিভিন্ন সময়ত সালসলনি কৰিছে। বহু সময়ত দেখা গৈছে যে, গ্ৰাহকৰ ফাষ্টটেগত বেলেঞ্চ কম থকাৰ বাবে ব্যস্ত সময়ত টকা পৰিশোধত পলম হৈ যানজঁটৰ সৃষ্টি হৈছে। এই সমস্যা এৰাই চলিবলৈ কেন্দ্ৰই অতিৰিক্ত জৰিমনাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। এইবাৰ তেওঁলোকে আনিছে বাৰ্ষিক পাছৰ ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...

“মোৰ সৈতে ভদ্ৰভাৱে কথা পাতক; মোক অসন্মান কৰি কথা নক’ব”… ছুইজাৰলেণ্ডৰ সৈতে হোৱা মেচত ৰেফাৰীৰ সৈতে বাকযুদ্ধ মেছিৰ

চলিত বিশ্বকাপ ফুটবলৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ৰেফাৰীৰ ওপৰত...