IPLৰ পিছত পুত্ৰক লৈ চিন্তিত হৈ পৰিছে পিতৃ সঞ্জীৱ সূৰ্যবংশী

হঠাৎ বৈভৱ সূৰ্যবংশীৰ বাবে চিন্তাত পৰিছে তেওঁৰ দেউতাক। আই পি এলত নিশাটোৰ ভিতৰতে তাৰকা হৈ উঠা ১৪ বছৰীয়া এই বেটাৰৰ ওজন বাঢ়ি গৈছে। যাৰ বাবে বৈভৱৰ পিতৃ সঞ্জীৱৰ চিন্তা বাঢ়িছে।

‘দৈনিক জাগৰণ’ত সঞ্জীৱে কৈছে, “বৈভৱে এতিয়া পচন্দ অনুযায়ী খাব নোৱাৰে। চালি-জাৰি খায়। সুষম খাদ্যাভ্যাস মানি চলে। আই পি এলৰ পিছত ওজন বহুত বাঢ়িছিল। সেয়া কমাবলৈ জিমলৈ নিয়মিত যায়।”

এই ক্ষেত্ৰত ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, তাকো সঞ্জীৱে উল্লেখ কৰিছে। তেওঁ কৈছে, “ৰাহুল ছাৰে মোক কৈছে, ‘তোমাৰ কাম এতিয়া শেষ। বৈভৱ এতিয়া আমাৰ দায়িত্বত। আমি তাৰ যত্ন ৰাখিম। সি এতিয়া আমাৰ পৰিয়ালৰ অংশ। মাত্ৰ এয়া চাব লাগিব যে, সি মোবাইল আৰু ইণ্টাৰনেটৰ পৰা আঁতৰি থাকে। আমি তাক এনে এজন ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিম, যিয়ে দেশৰ হৈ খেলিব।’”

আই পি এলত নিজৰ দ্বিতীয় খেলত গুজৰাট টাইটান্সৰ বিৰুদ্ধে ৩৬টা বলত ১০১ ৰান কৰি বৈভৱে সকলোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আই পি এলত সৰ্বকনিষ্ঠ হিচাপে শতৰান কৰাৰ ৰেকৰ্ড গঢ়িছে এই ১৪ বছৰীয়া অপেনাৰজনে। বিগত সপ্তাহত এখন খেলত ৯০টা বলত ১৯০ ৰান কৰিছিল বৈভৱে।

বৰ্তমান ভাৰতৰ অনূৰ্ধ্ব-১৯ দলৰ হৈ ইংলেণ্ড ভ্ৰমণত গৈছে বৈভৱ। যোৱাৰ আগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...