কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। এই ঘটনাত আৰু তিনিজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে। উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে। বাকী তীৰ্থযাত্ৰীসকলক সেই এলেকাৰ পৰা নিৰাপদে স্থানান্তৰ কৰা হৈছে। আহতসকলক গৌৰীকুণ্ডৰ ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বুধবাৰে পুৱা ১১ বাজি ২০ মিনিটৰ সময়ত ৰুদ্ৰপ্ৰয়াগ জিলাৰ জংগলচট্টিৰ ওচৰৰ পাহাৰীয়া পথত হঠাৎ ভূমিস্খলন হয়। ওপৰৰ পৰা ডাঙৰ ডাঙৰ শিল বাগৰি অহাৰ ফলত তীৰ্থযাত্ৰীসকল আহত হয়। ঘটনাস্থলীত দুজনৰ মৃত্যু হয়। এগৰাকী মহিলাসহ আৰু তিনিজন আহত হয়। ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক অক্ষয়প্ৰহ্লাদ কোণ্ডে জনাইছে যে, খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু জিলা বিপৰ্যয় মোকাবিলা বাহিনী (ডি ডি আৰ এফ) ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, দেওবাৰেও কেদাৰনাথ যাত্ৰাৰ সময়ত জংগলচট্টিত ভূমিস্খলন হৈছিল। সেইদিনা এজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। তাৰ পিছত সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ যোৱা পথ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল। বুধবাৰেও একেটা এলেকাতে ভূমিস্খলন হৈ মৃত্যুৰ ঘটনা সংঘটিত হ’ল। দেওবাৰে পুৱা কেদাৰনাথ ধামৰ পৰা গুপ্তকাশীৰ দিশলৈ যোৱাৰ পথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল। গৌৰীকুণ্ডৰ ওচৰৰ জংঘলত হেলিকপ্টাৰখন ভাঙি পৰে। সেই দুৰ্ঘটনাত সাতজনৰ মৃত্যু হয়। মৃত্যু হোৱা যাত্ৰীসকলৰ মাজত এটি শিশুও আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...