৫৩গৰাকী ব্ৰিটিছ যাত্ৰী! ১৬৯গৰাকী ভাৰতীয়… লণ্ডন অভিমুখী বিমানখনত কোন, কোন দেশৰ লোক আছিল?

আহমেদাবাদৰ পৰা লণ্ডনৰ গেটউইক বিমানবন্দৰৰ উদ্দেশ্যে ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ এআই১৭১ বিমান। উৰণৰ পাঁচ মিনিটৰ ভিতৰতেই বিমানখন ভাঙি পৰে। বিমানখনত যাত্ৰী আৰু বিমানকৰ্মী মিলি মুঠ ২৪২জন আছিল। তাৰে ১৬৯ জন আছিল ভাৰতীয়। ইয়াৰ উপৰি ৫৩জন ব্ৰিটিছ নাগৰিক এয়াৰ ইণ্ডিয়াৰ বিমানখনত আছিল। বিমান সংস্থাৰ তৰফৰ পৰা এটা বিবৃতি জাৰি কৰি এই সন্দৰ্ভত বিশদ তথ্য জনোৱা হৈছে। বিমানখনত যাত্ৰী আছিল ২৩০জন। বাকী ১২ জন আছিল বিমানকৰ্মী, তাৰে দুজন পাইলট।

বৃহস্পতিবাৰে বিয়লি ৩ বাজি ১৯ মিনিটত এয়াৰ ইণ্ডিয়াই জনাইছে যে এআই১৭১ বিমানখন দুপৰীয়া ১ বাজি ৩৮ মিনিটত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰে। বোয়িং সংস্থাৰ ৭৮৭-৮ বিমানখনত যাত্ৰী আৰু বিমানকৰ্মী মিলি ১৬৯ জন ভাৰতীয় নাগৰিক আছিল। ইয়াৰ উপৰি ৫৩ জন ব্ৰিটিছ, এজন কানাডিয়ান আৰু সাতজন পৰ্তুগিজ নাগৰিক দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল। ঘটনাস্থলীৰ পৰা আহতসকলক উদ্ধাৰ কৰি ওচৰৰ হাস্পতাললৈ নিয়া হৈছে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে এয়াৰ ইণ্ডিয়াই এটা হটলাইন নম্বৰ মুকলি কৰিছে। ১৮০০৫৬৯১৪৪৪ নম্বৰত যোগাযোগ কৰি তথ্য জানিব পাৰি। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ হৈছে। এয়াৰ ইণ্ডিয়াই জনাইছে যে তেওঁলোকে কৰ্তৃপক্ষক তদন্তত সম্পূৰ্ণ সহযোগিতা কৰি আছে।

দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ বৰ্ষীয়ান নেতা বিজয় ৰূপাণী। তেওঁ লণ্ডনলৈ যাত্ৰা কৰি আছিল। তেওঁৰ কোনো খবৰ এতিয়াও পোৱা নাই।

বিমানখন ভাঙি পৰাৰ পিছতেই বিমানখনত জুই লাগি যায়। ক’লা ধোঁৱাই চাৰিওফাল ঢাকি পেলায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...