আৰু মাত্ৰ ২ বছৰৰ পাছত ভাৰতৰ সকলো পথ আমেৰিকাৰ দৰে হ’ব!

আৰু মাত্ৰ দুবছৰৰ অপেক্ষা। তাৰ পিছত ভাৰতৰ সকলো পথ আমেৰিকাৰ দৰে হৈ যাব। দেশৰ পথ-পৰিকাঠামো নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই দাবী কৰিছে। তেওঁ জনাইছে যে বিগত কেইবছৰ ধৰি তেওঁৰ মন্ত্ৰণালয়ে নিৰলসভাৱে কাম কৰি আছে। পৰিবহণ ব্যৱস্থা মসৃণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰচুৰ ধন খৰচ কৰিছে।

সংবাদ সংস্থা ANIক দিয়া এক সাক্ষাৎকাৰত নীতিনে কয়, “এতিয়া আৰু পথৰ সংস্কাৰৰ প্ৰশ্ন নাই, ইতিমধ্যে সকলো সলনি হৈ গৈছে। আপোনালোকে এতিয়া ট্ৰেইলাৰ দেখিছে, ছবি আৰম্ভ হোৱা নাই। ‘পাইপলাইনত’ থকা পথ প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। আৰু দুবছৰৰ ভিতৰত আপোনালোকে দেখিব যে ভাৰতৰ পথ-পৰিকাঠামো আমেৰিকাৰ দৰে হ’ব।” তেওঁ লগতে জনাইছে যে, ইতিমধ্যে বহুতে দেশৰ ডাঙৰ ডাঙৰ পথ দেখি তেওঁক ধন্যবাদ জনাইছে। নীতিনৰ কয়, “আমেৰিকাৰ পৰা কেইজনমানে মোৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিছিল। তেওঁলোকে কৈ দিলে যে আমাৰ পৰিকাঠামো আমেৰিকাৰ তুলনাতো ভাল।”

কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰীৰ দাবী, মোদী চৰকাৰৰ আমোলত সৰবৰাহৰ খৰচ বহুত কমি গৈছে। কাৰণ, তেওঁলোকে পথবোৰ কেৱল ভাল কৰাই নাই, জকমকীয়া কৰি তুলিছে। ইয়াৰ ফলত ৰপ্তানিৰ প্ৰতিযোগিতা বাঢ়িছে। পথবোৰ জকমকীয়া হোৱাৰ ফলত কৃষি ব্যৱস্থাও ইয়াৰ সুফল লাভ কৰিছে। গাডকাৰীয়ে কয়, “যদি আমি আমাৰ ৰপ্তানি বৃদ্ধি কৰোঁ, তেন্তে আমাৰ কৃষি, উৎপাদন আৰু সেৱা খণ্ডতো উন্নতি হ’ব। আৰু সেইটোৱেই হৈছে।”

নীতিনৰ দাবী, আগতে ভাৰতৰ পথবোৰ ভাল নাছিল। তাৰ ফলত ব্যৱসায়ৰ ক্ষেত্ৰত দেশ পিছপৰি আছিল। তেওঁ কয়, “আমাৰ পথ ভাল নাছিল, বন্দৰ ভাল নাছিল, ট্ৰেফিকৰ যানজঁটৰ বাবে খৰচ বাঢ়িছিল। চীনত য’ত ‘লজিষ্টিক কষ্ট’ আছিল ৮ শতাংশ, তাত ভাৰতৰ আছিল ১৬ শতাংশ।” মন্ত্ৰীৰ দাবী, মোদী চৰকাৰে সেই ‘লজিষ্টিক কষ্ট’ ৯ শতাংশলৈ নমাই আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...