ৰাজাৰ হত্যা চাই আছিল পত্নী সোনমে

ৰাজাৰ হত্যা চাই আছিল পত্নী সোনমে। স্বামীক হত্যা কৰিবলৈকে ছুপাৰী কিলাৰৰ লগত ৪ হাজাৰ চিৰি বগাইছিল সোনমে। কপালত ঘাপ, মূৰৰ পিছপিনে দাৰে ঘাপ দি হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। কোনো নোযোৱা ৱে ছ ডঙলৈ স্বামীক লৈ গৈছিল সোনম ৰঘুবংশীয়ে। ২০ লাখ টকাৰ ছুপাৰী, ৫০ হাজাৰ আগধন। তৎপৰ মেঘালয় আৰক্ষী-প্ৰশাসন।

সন্দেহ-শংকাৰ অন্ত পেলাই মেঘালয় আৰক্ষীয়ে ফাদিল কৰিলে ছোহৰাত ইন্দোৰৰ দম্পতী নিৰুদ্দেশ হোৱা ঘটনাৰ ৰহস্য। প্ৰেমিকৰ সৈতে মিলি ছুপাৰী কিলাৰ লগাই ট্ৰান্সপোৰ্টৰ ব্যৱসায়ী স্বামী ৰাজা ৰঘুবংশীক সোনম ৰঘুবংশীয়েই হত্যা কৰোৱাইছিল। কেনেকৈ তেওঁলোক ক’ৰ পৰা ক’লৈ গৈছিল। কেনেকৈ সেই ঘটনা সংঘটিত হৈছিল তাৰ পুংখানুপুংখ তথ্য আহৰণৰ বাবে মেঘালয়ৰ সেই ঘটনাস্থলীত NKTVৰ সাংবাদিক। স্থানীয় লোক আৰু আৰক্ষীৰ সৈতে আমাৰ সাংবাদিকে কথা পাতোঁতে পোহৰলৈ আন কেতবোৰ দিশ, অন্য কিছু কথা। নামত হানীমূন, হত্যাকাণ্ডৰ উদ্দেশ্য লৈ দুহেজাৰ কিলোমিটাৰ নিলগত থকা মেঘালয় কিয় বাছনি কৰিছিল সোনম ৰঘুবংশীয়ে?

১১ মে’ত বিয়া। ২০ মে’ত ৰাজা আৰু সোনম আহি উপস্থিত হৈছিল গুৱাহাটীত। ২৩ মে’ত উপস্থিত হৈছিলগৈ মেঘালয়ৰ ছোহৰাত। ভাড়াত স্কুটী লৈ দুয়ো ওলাই গৈছিল ৱে ছ ডং জলপ্ৰপাত চাবলৈ। ইমানলৈ সাজু হৈ আছিল সোনমৰ প্ৰেমিক ৰাজ আৰু আন তিনি ছুপাৰী কিলাৰ। সোনম-ৰাজা যোৱাৰ পূৰ্বেই ৱে ছ ডং পাইছিল ৰাজ আৰু ৩ ছুপাৰী কিলাৰ।

পৰ্যটক নাহে কিন্তু সোনমে স্বামীক লৈ গৈছিল ৱে ছ ডঙলৈ। কাৰণ ইতিমধ্যে পৰিকল্পনা কৰা হৈ গৈছিল। স্বামী ৰাজাক হত্যা কৰি মেঘালয়ৰ পাহাৰৰ পৰা তললৈ পেলাই দিব আৰু তাৰ পাছত ইন্দোৰলৈ গৈ প্ৰেমিক ৰাজৰ সৈতে কটাব সুখৰ জীৱন। ইঠাইৰ পৰা সিঠাই পোৱাৰ প্ৰতি মুহূৰ্তৰ খবৰ, লোকেচন ছুপাৰী কিলাৰক দি আছিল সোনমে। হত্যাকাণ্ডৰ পূৰ্বে কে’ফেত বহি স্বামীৰ সৈতে শেষৰ কাপ কফি খাইছিল তেজখোৱা সোনমে।

কফি খাই ৱে ছ ডঙলৈ যাবলৈ ওলাওঁতে আগবাঢ়ি আহিছিল ট্যুৰিষ্ট গাইড। কাৰণ দুখন গাঁৱৰ মাজত হৈ থকা সংঘাতৰ বাবে ৱে ছ ডঙলৈ পৰ্যটক একপ্ৰকাৰ নাহে। প্ৰশাসনেও জাৰি কৰি থৈছে কিছু নিষেধাজ্ঞা। সেয়ে যিসকল পৰ্যটক যায় তেওঁলোকে ট্যুৰিষ্ট গাইডৰ সহায় লৈয়ে যায়। কিন্তু সোনমক ট্যুৰিষ্ট গাইডৰ প্ৰয়োজন নাছিল।

তাৰ পৰাই চিৰি বগাই ৱে ছ ডঙলৈ গৈছিল সোনম আৰু ৰাজা। লগতে গৈছিল পৰ্যটনস্থলীত চিনাকি হোৱা হিন্দীভাষী সেই চাৰিজন লোক। সোনম, প্ৰেমিক ৰাজ, ছুপাৰী কিলাৰ আকাশ, বিশাল, আনন্দ। তিনিও মিলি দাৰে ঘপিয়াই হত্যা কৰিছিল ৰাজাক। মৃতদেহ পেলাই থৈ পলাই গৈছিল আটাইকেইজন। প্ৰথমে ঘটনাৰ আওভাও পোৱা নাছিল মেঘালয় আৰক্ষীয়ে। এই ঘটনাক অপহৰণ, ডকাইতিৰ ৰূপ দিবলৈ সোনম ৰঘুবংশীয়ে হোটেলৰ বাহিৰত পেলাই থৈছিল কাণফুলি, খাৰু। ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ স্থানৰ পৰা ৮ কিলোমিটাৰ নিলগত পেলাই থৈছিল জেকেট-ৰেইনকোট। কিন্তু সত্য পোহৰলৈ আহিল। সোনমসহ ৫জনক ট্ৰানজিট ৰিমাণ্ডত লৈছে মেঘালয় আৰক্ষীয়ে। আটাইকে লৈ অনা হ’ব মেঘালয়লৈ। লৈ যোৱা হ’ব হত্যাকাণ্ড সংঘটিত হোৱা স্থানলৈ। মেঘালয় আৰক্ষীয়ে স্পষ্টকৈ কৈছে, দাখিল হ’ব শক্তিশালী চাৰ্জশ্বীট। সকলোৱে দাবী কৰিছে এয়া কেৱল এজন লোকৰ হত্যা নহয়। এয়া আস্থা, বিশ্বাস, সম্পৰ্কৰ হত্যা। দোষীৰ কঠোৰ শাস্তি হব লাগে। এই ঘটনাই জোকাৰি গৈছে দেশ। ঘটনাৰ পাছৰে পৰা অনেক অপবাদ পালে মেঘালয় উত্তৰ-পূৱে। এই দাগ মচিব লাগিব। কঠোৰ শাস্তিৰে মচিব লাগিব অপবাদ। ছোহৰাত বাহিৰ হৈছে সমদল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...