স্পেইনক পৰাস্ত কৰি নেচনছ লীগৰ ফাইনেলত চেম্পিয়ন ৰ’নাল্ডোৰ পৰ্তুগাল

১৭ বছৰীয়া লেমিনে ইয়ামালক টক্কৰ দিলে ৪০ বছৰীয়া ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে। দেওবাৰে মিউনিখত অনুষ্ঠিত উয়েফা নেচনছ লীগৰ ফাইনেলত পৰ্তুগালে স্পেইনক টাইব্ৰেকাৰত ৫-৩ গ’লত পৰাস্ত কৰি বিজয়ী হ’ল। নিৰ্ধাৰিত সময়ত খেলৰ ফলাফল আছিল ২-২। অতিৰিক্ত সময়ত কোনো গ’ল নহ’ল। শেষত টাইব্ৰেকাৰত জয়লাভ কৰিলে পৰ্তুগালে। ইয়াৰ পিছতে দ্বিতীয়বাৰৰ বাবে নেচনছ লীগৰ খিতাপ জয় কৰিলে ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ দলে।

ছেমিফাইনেলত স্পেইনে ফ্ৰান্সক ৫-৪ গ’লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে, পৰ্তুগালে আয়োজক দেশ জাৰ্মানীক পৰাস্ত কৰিছিল। দেওবাৰৰ খেলত এইবাৰৰ খিতাপ কোন দখল কৰিব, তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল। লগতে, এই খেলক ইয়ামাল আৰু ৰ’নাল্ডোৰ দুই ৰথীৰ যুদ্ধ হিচাপেও গণ্য কৰা হৈছিল। অৱশ্যে, সেই যুদ্ধত শেষ হাঁহি মাৰিলে ৰ’নাল্ডোৱে। ইয়ামালে গোটেই খেলখনত এটা গ’লৰ অৱদান ৰাখিছিল। পৰ্তুগালৰ নুনো মেন্দেছৰ কঠোৰ মাৰ্কিঙে তেওঁৰ খেলত বাধাৰ সৃষ্টি কৰিছিল। আনহাতে, ৰ’নাল্ডোৱে ৮৭ মিনিটলৈ খেলি এটা গ’ল কৰাৰ লগতে ইয়ামালৰ পৰা কেইবাবাৰো বল কাঢ়ি লৈছিল।

২১ মিনিটত স্পেইনক আগবঢ়াই নিয়ে মাৰ্টিন জুবিমেন্ডিয়ে। ইয়ামালে সোঁফালৰ পৰা আগবাঢ়ি গ’ল পোষ্টৰ দিশে বলৰ গতি বৃদ্ধি কৰিছিল। পৰ্তুগালৰ ডিফেন্সে সেই বল ক্লিয়াৰ কৰিব নোৱাৰিলে। ৰুবেন দিয়াজৰ ভৰিত লাগি বল গৈছিল জুবিমেন্ডিৰ ফালে। তেওঁ সামান্য স্পৰ্শ কৰি পৰ্তুগালৰ গ’লপোষ্টত বলটো সোমাই দিছিল। সমতা ঘূৰাই আনিবলৈ পৰ্তুগালে মাত্ৰ ৫ মিনিট ল’লে। বাওঁফালৰ পৰা পেড্ৰো নেটোৰ পাছ পাই নুনো মেন্দেছে স্পেইনৰ বক্সত সোমাই বাওঁ ভৰিৰে জোৰেৰে শ্বট লৈছিল। বলটো স্পেইনৰ গ’লকীপাৰ উনাই চিমনৰ কাষেৰে জালত সোমাই পৰিল। তাৰ পিছত স্পেইনে এই খেলখন পুনৰ নিজৰ দখললৈ আনিবলৈ তীব্ৰ প্ৰচেষ্টা চলাইছিল। পেদ্ৰি, ইয়ামাল আৰু ওয়াৰজাবালে পৰ্তুগালক এক ইঞ্চিও ঠাই এৰি দিয়া নাছিল। আক্ৰমণৰ সময়ত স্পেইন দ্ৰুতগতিত আগবাঢ়িছিল। সেই আক্ৰমণৰ ফলত ৪৫ মিনিটত স্পেইনে দ্বিতীয় গ’লটো লাভ কৰে। পেদ্ৰিয়ে ওয়াৰজাবালক পাছ দিছিল আৰু তেওঁ সোঁ ভৰিৰ শ্বটেৰে গ’ল কৰিছিল।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰাই পৰ্তুগালৰ আক্ৰমণ বৃদ্ধি পাইছিল। ব্ৰুনো ফাৰ্নান্দেছৰ এটা গ’ল অফচাইডৰ বাবে বাতিল হৈছিল। ৬১ মিনিটত পৰ্তুগালে সমতা ঘূৰাই আনে। বাওঁফালৰ পৰা মেন্দেছৰ ক্ৰছ জুবিমেন্ডিৰ ভৰিত লাগি উঠি গৈছিল। স্পেইনৰ গ’লৰ ঠিক সন্মুখত আছিল ৰ’নাল্ডো। তেওঁ বিপক্ষৰ ডিফেন্ডাৰক এৰাই বলটো জালত সুমুৱাই দিছিল। তাৰ পিছত দুয়োটা দলেই গ’লৰ কেইবাটাও সুযোগ পাইছিল। বিশেষকৈ স্পেইনৰ ইস্কোৰ এটা শ্বট পৰ্তুগালৰ গ’লকীপাৰ ডিয়োগো কোষ্টাই জাপ দি ৰক্ষা নকৰিলে নিৰ্ধাৰিত সময়তেই পৰ্তুগাল পৰাজিত হ’লহেঁতেন। ৮৭ মিনিটত পৰ্তুগালৰ কোচ ৰবাৰ্টো মাৰ্টিনেজে ৰ’নাল্ডোক খেলপথাৰৰ পৰা তুলি নিছিল। কিন্তু নিৰ্ধাৰিত সময়ত আৰু গ’ল নহ’ল। খেল অতিৰিক্ত সময়লৈ আগবাঢ়িছিল।

অতিৰিক্ত সময়তো দুয়োটা দলে গ’লৰ বাবে তীব্ৰ প্ৰচেষ্টা চলাইছিল। স্পেইনৰ এটা পেনাল্টিৰ আবেদনো নাকচ কৰা হৈছিল। কোনো দলে গ’লৰ খুব ওচৰ চাপিব পৰা নাছিল।

পেনাল্টি শ্বুটআউটত পৰ্তুগালৰ হৈ গ’ল কৰিলে গনচালো ৰামোছ, ভিটিনহা, ব্ৰুনো ফাৰ্নান্দেছ, নুনো মেন্দেছ আৰু ৰুবেন নেভেছ। স্পেইনৰ হৈ মিকেল মেৰিনো, এলেক্স বায়েনা আৰু ইস্কোৱে গ’ল কৰিলে যদিও চতুৰ্থ শ্বটত আলভাৰো মৰাতাৰ প্ৰচেষ্টা পৰ্তুগালৰ গ’লকীপাৰে ৰক্ষা কৰিলে। পঞ্চম শ্বটত নেভেছে গ’ল কৰি পৰ্তুগালক নেচনছ লীগৰ খিতাপ জিনাত অৱদান আগবঢ়ালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...