মেঘালয়ত সোনম কাণ্ডৰ চাঞ্চল্যকৰ কাহিনী

মেঘালয়ত মধুচন্দ্ৰিকাৰ বাবে গৈ সোনম ৰঘুবংশীয়ে তেওঁৰ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰা খবৰে সংবাদ শিৰোনাম দখল কৰিছে। সোনমে আত্মসমৰ্পণ কৰাৰ পিছৰে পৰা এটা বিশেষ প্ৰশ্নই চৰ্চা লাভ কৰিছে – সোনমে হত্যা কৰিলে নেকি স্বামী ৰাজা ৰঘুবংশীক? ৰাজাৰ পৰিয়ালৰ সদস্যসকলো ‘দোষী-নিৰ্দোষী’ বিষয়টোত জটিলতাত পৰিছে। নিহত ৰাজাৰ মাতৃ উমাৰ সন্দেহৰ আঙুলি সোনমৰ ফালেই। তেওঁৰ দাবী, যদি সোনম দোষী সাব্যস্ত হয়, তেন্তে তেওঁক ফাঁচি দিয়া হওক। যদিও সন্দেহৰ আঙুলি সোনমৰ ফালে উঠিছে, তথাপিও ৰাজাৰ ভায়েক বিপুল ৰঘুবংশীয়ে তেওঁক এতিয়াই ‘অভিযুক্ত’ বুলি চিহ্নিত কৰিবলৈ ইচ্ছুক নহয়।

উমাৰ অভিযোগ, সোনমে তেওঁৰ পুত্ৰক জোৰকৈ মেঘালয়লৈ লৈ গৈছিল। তেওঁৰ বক্তব্য অনুসৰি সোনমে নিজৰ পৰিকল্পনাৰে মেঘালয়ৰ টিকট কাটিছিল আৰু ৰাজাৰ সৈতে এই বিষয়ে কোনো আলোচনা কৰা নাছিল। উমাৰ দাবী, সোনমে জোৰকৈ ৰাজাক শ্বিলঙলৈ লৈ গৈছিল। তেওঁৰ মতে, সোনমে সকলোৰে সৈতে এনেকৈ মধুৰ ব্যৱহাৰ কৰিছিল যে, কাৰো মনত সন্দেহৰ উদ্ভৱ হোৱা নাছিল। উমাই দাবী কৰিছে যে, সোনম দোষী প্ৰমাণিত হ’লে তেওঁৰ মৃত্যুদণ্ডৰ শাস্তি হওক।

কিন্তু বিপুলে প্ৰাথমিক প্ৰতিক্ৰিয়াত সোনমক এতিয়াই ‘অভিযুক্ত’ বুলি চিহ্নিত কৰিবলৈ মান্তি হোৱা নাই। তেওঁৰ দাবী, সোনমে আত্মসমৰ্পণ কৰা নাছিল; আৰক্ষীয়ে তথ্যৰ ভিত্তিত তেওঁক থানালৈ লৈ গৈছিল। বিপুলৰ মতে, যেতিয়ালৈকে সোনমে নিজৰ মুখেৰে অপৰাধৰ কথা স্বীকাৰ নকৰে, তেতিয়ালৈকে তেওঁক অভিযুক্ত বুলি গণ্য কৰিব নোৱাৰি।

বিপুলৰ দাবী, ৰাজা আৰু সোনমৰ মাজত কেতিয়াও কাজিয়া হোৱা দেখা নাই। দুয়ো সদায় হাঁহিমুখে থকা দেখিছিল। আৰক্ষীৰ তদন্তত ৰাজ কুশৱাহা নামৰ এজন যুৱকৰ নামো পোহৰলৈ আহিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সোনমৰ সৈতে কুশৱাহাৰ ফোনত একাধিকবাৰ কথা-বতৰা হৈছিল। এই যুৱকজন সোনমৰ প্ৰেমিক হ’ব পাৰে বুলিও এক প্ৰশ্ন উত্থাপিত হৈছে। কুশৱাহাৰ নাম পোহৰলৈ অহাত বিপুলৰ সন্দেহ, সোনম এই হত্যাৰ সৈতে জড়িত হ’ব পাৰে। তেওঁৰ মতে, কুশৱাহা সোনমে কাম কৰি থকা কোম্পানীৰে কৰ্মী আছিল আৰু তেওঁৰ সৈতে সোনমৰ নিয়মীয়াভাৱে ফোনত কথা-বতৰা হৈছিল। কিন্তু বিপুলে কুশৱাহাক কেতিয়াও একেলগে দেখা নাছিল, কেৱল নামহে শুনিছিল।

মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা মেঘালয়ত মধুচন্দ্ৰিকাৰ বাবে গৈ হত্যাৰ বলি হয়। এই ঘটনাৰ পিছৰে পৰা তেওঁৰ পত্নী সোনমৰ সন্ধান পোৱা নাছিল। অৱশেষত সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজীপুৰত তেওঁৰ সন্ধান পোৱা যায়। মেঘালয় আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশ আৰক্ষীৰ পৰা সোনমক তেওঁলোকে জিম্মাত ল’ব। ইয়াৰ উপৰিও এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰু তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত সোনমৰ চৰ্চিত প্ৰেমিক ৰাজ কুশৱাহাও আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...