‘আমাক মিছা অভিযোগত ফচাইছে’; উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ RCB

বেংগালুৰুৰ পদপিষ্ট কাণ্ডৰ ঘটনাত বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) আৰু বিজয়োৎসৱৰ আয়োজক সংস্থা DNAৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে ফৌজদাৰী গোচৰ ৰুজু কৰিছিল। এইবাৰ সেই গোচৰ খাৰিজৰ আৰ্জি জনাই RCB আৰু DNAয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

৪ জুনত RCBয়ে IPL জয়ৰ পিছত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত বিজয়োৎসৱৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানত পদপিষ্টৰ ফলত ১১ গৰাকীৰ মৃত্যু হৈছিল আৰু কমেও ৪০ জন আহত হৈছিল। এই ঘটনাৰ পিছতেই RCB, DNA আৰু কৰ্ণাটক ক্ৰিকেট বোৰ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। তদন্তৰ ভাৰ CIDৰ হাতত তুলি দিয়া হৈছিল। ইয়াৰ পিছতেই RCBৰ বিষয়া নিখিল চোচালেক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁ বৰ্তমান জেল হাজোতত আছে। ইয়াৰ পিছত গ্ৰেপ্তাৰৰ আশংকাত কৰ্ণাটক ক্ৰিকেট বোৰ্ডৰ বিষয়াসকলেও উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে, কৰ্ণাটক ক্ৰিকেট বোৰ্ডৰ বিৰুদ্ধে এতিয়া কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব।

এইবাৰ RCB আৰু DNAয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। RCBৰ দাবী, তেওঁলোকক মিছা অভিযোগত ফচাইছে। তেওঁলোকে সামাজিক মাধ্যমত জনোৱা মতে, অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট সংখ্যক পাছৰ ব্যৱস্থা আছিল আৰু বিনামূলীয়া পাছ পোৱাসকলকো আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল। RCBৰ আৰু দাবী, ষ্টেডিয়ামৰ গেট দুপৰীয়া ১:৪৫ বজাত খোলাৰ কথা আছিল, কিন্তু খোলা হৈছিল দুপৰীয়া ৩ বজাত। এই কাৰণে ভিৰ অত্যধিক হৈছিল। আনহাতে, DNAয়ে পৃথক এক আৰ্জিত আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে।

নিখিল চোচালেও নিজৰ গ্ৰেপ্তাৰ অবৈধ বুলি দাবী কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তেওঁৰ গোচৰৰ শুনানি সোমবাৰে উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...