RCBৰ বিজয় উৎসৱ চাই ঘূৰি আহিম বুলি কৈ আৰু ঘূৰি নাহিল কামাক্ষী…

অফিচত খোলা অৱস্থাত পৰি আছে তেওঁৰ লেপটপ। কাৰ্যালয়ৰ ছিনিয়ৰক কেইঘণ্টামানৰ বাবে ছুটী দিবলৈ অনুৰোধ কৰিছিল। আৰচিবিৰ অনুষ্ঠান চাই অফিচলৈ ঘূৰি আহিব বুলি কৈছিল। বছৰ পৰা অনুমতি পাইয়েই তেওঁ ছিন্নাস্বামী ষ্টেডিয়ামৰ উদ্দেশ্যে খৰধৰকৈ ওলাই গৈছিল। কিন্তু কোনে ভাবিছিল যে হাঁহিমুখে অফিচৰ পৰা ওলাই যোৱা সেই ছোৱালীজনী নিথৰ হৈ ঘূৰি আহিব! বেংগালুৰুৰ ছিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ভিৰত পদপিষ্ট হৈ তথ্যপ্ৰযুক্তি কৰ্মী কামাক্ষী দেৱীৰ মৃত্যু হৈছে।

অফিচৰ সহকৰ্মীসকলে এতিয়াও ভাবিব পৰা নাই যে কামাক্ষী আৰু কেতিয়াও অফিচলৈ ঘূৰি নাহিব। আৰু কাৰো সৈতে হাঁহি-আড্ডা নকৰিব। ঘৰ তামিলনাডুত হ’লেও পঢ়া-শুনা আৰু কৰ্মসূত্ৰে বেংগালুৰুতেই থাকিছিল কামাক্ষী। সহকৰ্মীসকলে জনোৱা মতে, বেংগালুৰুৰ প্ৰতি কামাক্ষীৰ আছিল এটা বিশেষ টান। তেওঁৰ খেলৰ প্ৰতি আছিল উন্মাদনা। তামিলনাডুৰ হ’লেও আৰচিবিৰ প্ৰতি তেওঁৰ গভীৰ দুৰ্বলতা আছিল। বিশেষকৈ তেওঁ আছিল কোহলিৰ ‘ডাঙৰ ফেন’।

শেহতীয়াকৈ বিৰাটৰ আৰচিবিয়ে আইপিএল জিকিছিল। সেই জয় উদযাপনৰ কথা ঘোষণা কৰা হৈছিল। স্থিৰ হৈছিল যে ছিন্নাস্বামী ষ্টেডিয়ামত এই বিজয়োৎসৱ পালন কৰা হ’ব। কামাক্ষীৰ সহকৰ্মীসকলে জনোৱা মতে, আৰচিবিৰ উদযাপন চাবলৈ তেওঁ আগতীয়াকৈ বছক জনাই ৰাখিছিল। সহকৰ্মীসকলে জনোৱা অনুসৰি, “এই বিষয়ত কামাক্ষী অতি উৎসাহী আছিল। বছৰ পৰা ছুটী মঞ্জুৰ হোৱাৰ লগে লগে হাঁহিমুখে অফিচৰ পৰা ওলাই গৈছিল। কৈ গৈছিল, ঘূৰি আহি পুনৰ কাম কৰিব। লেপটপো খুলি থৈ গৈছিল।”

বুধবাৰে কামাক্ষীয়ে তেওঁ আৰু তিনিজন সহকৰ্মীৰ সৈতে দুপৰীয়া আঢ়ৈটামান বজাত ছিন্নাস্বামী ষ্টেডিয়ামত উপস্থিত হৈছিল। ভাতৃয়ে জনোৱা অনুসৰি, “ষ্টেডিয়ামৰ ৭ নম্বৰ গেটেৰে সোমাবলৈ চেষ্টা কৰি আছিলো। কেইছেকেণ্ডমানৰ ভিতৰতে গেটৰ সন্মুখত বিশাল ভিৰ জমা হৈছিল। থেলা-হেঁচাত আমি ইজনৰ পৰা সিজন আঁতৰি পৰিছিলো। তাৰ পিছতেই শুনিলো কামাক্ষী আৰু নাই।” উল্লেখযোগ্য যে, বুধবাৰে ছিন্নাস্বামী ষ্টেডিয়ামত আৰচিবিৰ বিজয়োৎসৱত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাত ১১ জনৰ মৃত্যু হৈছে। সেই তালিকাত আছে তামিলনাডুৰ কামাক্ষীও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...