এইবাৰ ভাৰতত নিৰ্মাণ হ’ব ফ্ৰান্সৰ ৰাফেল

স্পেইনৰ ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেচ’ৰ পিছত এইবাৰ ফ্ৰান্সৰ ডাচ’ল্ট এভিয়েশনৰ সৈতে চুক্তি কৰিলে টাটা গোষ্ঠীয়ে। এই চুক্তিৰ মতে, ডাচ’ল্ট এভিয়েশনে নিৰ্মাণ কৰা ৰাফেল যুদ্ধবিমানৰ মূল কাঠামো ভাৰতত তৈয়াৰ কৰিব ‘টাটা এডভান্সড চিষ্টেমছ লিমিটেডে’ (টিএএছএল)।

কেইবছৰমান আগতে ভাৰতত ৪০টা চি-২৯৫ মধ্যম ক্ষমতাৰ সামৰিক পৰিবহণ বিমান নিৰ্মাণৰ বাবে স্পেইনৰ সংস্থাৰ সৈতে চুক্তি কৰিছিল টিএএছএলে। তাৰ পিছত এইটোৱেই তেওঁলোকৰ সবাতোকৈ ডাঙৰ বৈদেশিক বিমান নিৰ্মাণ চুক্তি। চুক্তিৰ মতে, ২০২৮চনৰ পৰা হায়দৰাবাদত ৰাফেলৰ উৎপাদন আৰম্ভ হ’ব। কাৰখানা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে প্ৰতি মাহত দুটাকৈ ৰাফেলৰ কাঠামো নিৰ্মাণ কৰিব পৰা যাব। টাটাৰ তৰফৰ পৰা এটা বিবৃতিত এই কথা জনোৱা হৈছে। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ উপৰি অন্য দেশলৈও হায়দৰাবাদত নিৰ্মিত ৰাফেল যোগান ধৰা হ’ব।

ভাৰতীয় নৌসেনাৰ বাবে ২৬টা পঞ্চম প্ৰজন্মৰ ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ বাবে বিগত এপ্ৰিল মাহত ফৰাচী যুদ্ধবিমান নিৰ্মাতা সংস্থাটোৰ সৈতে নতুন দিল্লীৰ চুক্তি হৈছে। ইয়াৰ আগতে ২০১৬ চনৰ চুক্তিৰ মতে, ভাৰতীয় বায়ুসেনাক পৰ্যায়ক্ৰমে ৩৬খন ৰাফেল যোগান ধৰি আছে ডাচ’ল্ট এভিয়েশনে। ২০১৬ চনৰ সেই চুক্তিত ৰাফেল যুদ্ধবিমান বিক্ৰীৰ ‘চৰ্ত’ হিচাপে অনিল আম্বানীৰ ৰিলায়েন্স এডিএজি-ক ৰক্ষণাবেক্ষণ, মেৰামতি আৰু কিছু যন্ত্ৰাংশ নিৰ্মাণৰ দায়িত্ব দিয়াৰ বিষয়টো ডাচ’ল্টে মানি ল’বলৈ বাধ্য হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদৰ বিৰোধীসকলে এই বিষয়ত একাধিকবাৰ সৰৱ হৈছিল। ডাচ’ল্ট এভিয়েশনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰে চুক্তিৰ কথা প্ৰকাশ কৰি কয়, “ভাৰতৰ অন্যতম বিমান নিৰ্মাণ প্ৰযুক্তি সংস্থাৰ সৈতে হোৱা চুক্তিত আমি আনন্দিত।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...