এইবাৰ ভাৰতত নিৰ্মাণ হ’ব ফ্ৰান্সৰ ৰাফেল

স্পেইনৰ ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেচ’ৰ পিছত এইবাৰ ফ্ৰান্সৰ ডাচ’ল্ট এভিয়েশনৰ সৈতে চুক্তি কৰিলে টাটা গোষ্ঠীয়ে। এই চুক্তিৰ মতে, ডাচ’ল্ট এভিয়েশনে নিৰ্মাণ কৰা ৰাফেল যুদ্ধবিমানৰ মূল কাঠামো ভাৰতত তৈয়াৰ কৰিব ‘টাটা এডভান্সড চিষ্টেমছ লিমিটেডে’ (টিএএছএল)।

কেইবছৰমান আগতে ভাৰতত ৪০টা চি-২৯৫ মধ্যম ক্ষমতাৰ সামৰিক পৰিবহণ বিমান নিৰ্মাণৰ বাবে স্পেইনৰ সংস্থাৰ সৈতে চুক্তি কৰিছিল টিএএছএলে। তাৰ পিছত এইটোৱেই তেওঁলোকৰ সবাতোকৈ ডাঙৰ বৈদেশিক বিমান নিৰ্মাণ চুক্তি। চুক্তিৰ মতে, ২০২৮চনৰ পৰা হায়দৰাবাদত ৰাফেলৰ উৎপাদন আৰম্ভ হ’ব। কাৰখানা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে প্ৰতি মাহত দুটাকৈ ৰাফেলৰ কাঠামো নিৰ্মাণ কৰিব পৰা যাব। টাটাৰ তৰফৰ পৰা এটা বিবৃতিত এই কথা জনোৱা হৈছে। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ উপৰি অন্য দেশলৈও হায়দৰাবাদত নিৰ্মিত ৰাফেল যোগান ধৰা হ’ব।

ভাৰতীয় নৌসেনাৰ বাবে ২৬টা পঞ্চম প্ৰজন্মৰ ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ বাবে বিগত এপ্ৰিল মাহত ফৰাচী যুদ্ধবিমান নিৰ্মাতা সংস্থাটোৰ সৈতে নতুন দিল্লীৰ চুক্তি হৈছে। ইয়াৰ আগতে ২০১৬ চনৰ চুক্তিৰ মতে, ভাৰতীয় বায়ুসেনাক পৰ্যায়ক্ৰমে ৩৬খন ৰাফেল যোগান ধৰি আছে ডাচ’ল্ট এভিয়েশনে। ২০১৬ চনৰ সেই চুক্তিত ৰাফেল যুদ্ধবিমান বিক্ৰীৰ ‘চৰ্ত’ হিচাপে অনিল আম্বানীৰ ৰিলায়েন্স এডিএজি-ক ৰক্ষণাবেক্ষণ, মেৰামতি আৰু কিছু যন্ত্ৰাংশ নিৰ্মাণৰ দায়িত্ব দিয়াৰ বিষয়টো ডাচ’ল্টে মানি ল’বলৈ বাধ্য হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদৰ বিৰোধীসকলে এই বিষয়ত একাধিকবাৰ সৰৱ হৈছিল। ডাচ’ল্ট এভিয়েশনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰে চুক্তিৰ কথা প্ৰকাশ কৰি কয়, “ভাৰতৰ অন্যতম বিমান নিৰ্মাণ প্ৰযুক্তি সংস্থাৰ সৈতে হোৱা চুক্তিত আমি আনন্দিত।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...