বিতৰ্কিত আইনখন বাতিল নকৰিলে ঈদৰ পিছত হ’ব ডাঙৰ আন্দোলন!

বিতৰ্কিত আইনখন বাতিল নকৰিলে জোৰদাৰ আন্দোলনত নামিব। মুহাম্মদ ইউনূছৰ চৰকাৰক এই কথা স্পষ্ট কৰি দিছে বাংলাদেশৰ চৰকাৰী কৰ্মচাৰীসকলে। সোমবাৰে অন্তৰ্ৱৰ্তী চৰকাৰৰ দুজন উপদেষ্টাক স্মাৰকলিপি প্ৰদান কৰিছে বাংলাদেশৰ বিভিন্ন দফতৰৰ কৰ্মচাৰীসকলে। তাত উল্লেখ কৰা হৈছে যে, বিতৰ্কিত আইনখন বাতিল নকৰিলে ঈদৰ পিছত দেশজুৰি চৰকাৰী কৰ্মচাৰীসকলে বৃহৎ আন্দোলনৰ পথত খোজ দিব।

সোমবাৰে বিক্ষোভ সমাৱেশৰ পিছত আন্দোলনকাৰী চৰকাৰী কৰ্মচাৰীসকলে অন্তৰ্ৱৰ্তী চৰকাৰৰ প্ৰতিনিধিক এই স্মাৰকলিপি জমা দিয়ে। আন্দোলনকাৰীসকলে একেটা দাবীৰে মঙলবাৰে ইউনূছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা ছালেহউদ্দিন আহমেদ আৰু আইন উপদেষ্টা আছিফ নজৰুলৰ ওচৰতো স্মাৰকলিপি জমা দিব।

কিন্তু চৰকাৰৰ বিৰুদ্ধে কিয় আন্দোলনত নামিছে বাংলাদেশৰ চৰকাৰী কৰ্মচাৰীসকল? ইয়াৰ আঁৰত আছে ইউনূছ চৰকাৰৰ এটা সিদ্ধান্ত। সম্প্ৰতি শ্বেখ হাছিনাৰ আমোলৰ ‘চৰকাৰী চাকৰি আইন, ২০১৮’ সংশোধন কৰিছে অন্তৰ্ৱৰ্তী চৰকাৰে। বিগত ২২ মে’ত অন্তৰ্ৱৰ্তী চৰকাৰৰ উপদেষ্টা পৰিষদৰ বৈঠকত চৰকাৰী চাকৰি সংক্ৰান্তীয় আইনৰ সংশোধিত অধ্যাদেশ (অৰ্ডিনেন্স)ৰ খচৰা অনুমোদিত হয়। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে দেশখনৰ চৰকাৰী কৰ্মীৰ এটা বৃহৎ অংশ আন্দোলনত নামিছে। আন্দোলনৰ মাজতে ২৫ মে’ত নতুন অধ্যাদেশ কাৰ্যকৰী কৰাৰ বিজ্ঞপ্তি প্ৰকাশ কৰা হয়। তাৰ পিছত আন্দোলনৰ গতি আৰু তীব্ৰতৰ হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...