‘কৰ’না এক মামূলী ভাইৰাছ’! য’তে ত’তে ওলাইছে ভুৱা চিকিৎসক

গুৱাহাটী, ২২ জুন, NKTV: জনস্বাস্থ্যৰ সৈতে হেতালি খেলি বিভিন্ন সময়ত ৰাইজৰ চিকিৎসা কৰি থকা বহু ভুৱা চিকিৎসক জালত পৰিছে আৰক্ষীৰ। পিছে তাৰ পিছতো সংগোপনে এনে কাৰ্য চলাই গৈছে বহু ভুৱা চিকিৎসকে। আজি আমি লৈ আহিছোঁ তিনিচুকীয়া জিলাৰ জাগুণৰ এজন ভুৱা চিকিৎসকৰ বাতৰি। কোন তেওঁ, কিদৰে কৰে ৰাইজৰ চিকিৎসা?

  • জাগুণত ভুৱা চিকিৎসক
  • ফাৰ্মাচীৰ পিছফালে সাজি লৈছে চেম্বাৰ
  • ভুৱা চিকিৎসকজন আবিব হুছেইন
  • ভুৱা চিকিৎসাৰে গঢ়িছে সম্পত্তি
  • তেওঁৰ মতে কৰ’না এক মামূলী ভাইৰাছ

তেওঁৰ মতে তেওঁ এজন চিকিৎসক। পিছে ৰাইজৰ মতে এই কথা ভুৱা। মানে এওঁ ভুৱা চিকিৎসক। মানুহজনৰ নাম আবিব হুছেইন। দীৰ্ঘদিন দিন ধৰি জাগুণত ৰাইজক চিকিৎসা কৰি আহিছে এইজন ভুৱা চিকিৎসকে। সন্মুখত এখন ফাৰ্মাচী আৰু তাৰ পিছফালে সৰুকৈ নাৰ্ছিং হোমেই খুলি লৈছে স্বয়ম্ভূ চিকিৎসক গৰাকীয়ে। নিজকে চিকিৎসক বুলি চিনাকি দি এই গুদাম ঘৰতেই গঞা ৰাইজক চিকিৎসা কৰি আহিছে এইজনা আবিব হুছেইনে।

জ্বৰ-পানী লগাৰ পৰা সৰু-সুৰা অস্ত্ৰোপচাৰলৈ সকলো কৰে এওঁ। আৰু ক’ভিডৰ এই সময়তো ব্যৱসায় কমিবলৈ দিয়া নাই এখেতে। চৰকাৰৰ সকলো নিয়ম নীতি চাঙত তুলি এইদৰে ৰোগীৰ চিকিৎসা কৰি গৈছে এওঁ। আৰু ক’ভিডৰ সম্পৰ্কে তেওঁক সোধাত তেওঁৰ আকৌ আৰু এসোপা ওপৰৰ উত্তৰ।

ৰুমী মেডিকেল ষ্টোৰ নামৰ এই ফাৰ্মাচী খনৰ আৰ লৈ চলাই যোৱা এই অবৈধ ব্যৱসায়ৰ জৰিয়তে আবিব হুছেইনে গঢ়িছে অবাধ সম্পত্তিও। পিছে চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ আৰু তিনিচুকীয়া স্বাস্থ্য বিভাগৰ বৰমুৰীয়া সকলৰ চকুত নপৰাকৈ কেনেকৈ এওঁ চলাই গৈছে এই ব্যৱসায়? এইয়াহে এতিয়া সকলোৰে প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...