আকবৰে জোধাবাঈক বিয়া কৰোৱা নাছিল, মিছা কথা লিখা আছে ইতিহাসৰ কিতাপত! দাবী ৰাজস্থানৰ ৰাজ্যপালৰ

মোগল সম্রাট আকবৰে জোধাবাঈক বিয়া কৰোৱা নাছিল। ইতিহাসৰ কিতাপত ‘মিছা কথা’ লিখা আছে। বুধবাৰে এই দাবী কৰিছিল ৰাজস্থানৰ ৰাজ্যপাল হৰিভাও বাগাৰে। তেওঁৰ এই মন্তব্যৰ ফলত দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে।

বুধবাৰে ৰাজস্থানৰ উদয়পুৰত এটা অনুষ্ঠানত অংশ লৈ বাগাৰে কৈছিল, “এনেই কোৱা হয় যে জোধা আৰু আকবৰে বিয়া কৰিছিল। এই কাহিনীৰ ওপৰত ভিত্তি কৰি এখন চিনেমাও নিৰ্মাণ হৈছে। ইতিহাসৰ কিতাপতো একেই কথা কোৱা হয়। কিন্তু এয়া সম্পূৰ্ণ মিছা।”

ৰাজস্থানৰ ৰাজ্যপালে দাবী কৰিছে যে, আকবৰে প্ৰকৃততে অম্বৰৰ ৰজা ভাৰমলৰ জীয়াৰীক বিয়া কৰাইছিল। উল্লেখ্য যে, জয়পুৰৰ ওচৰৰ অঞ্চলত থকা অম্বৰ সেই সময়ত কছওহাৰ ৰাজপুতসকলে শাসন কৰিছিল।

ভুল ইতিহাস প্ৰচাৰৰ বাবে বাগাৰে ব্ৰিটিছসকলক দায়ী কৰিছে। তেওঁ কৈছে, “আমাৰ দেশৰ নেতাসকলৰ ইতিহাস ব্ৰিটিছসকলে সলনি কৰি দিছিল। তেওঁলোকৰ লিখা ইতিহাস গ্ৰহণযোগ্য নহয়। পিছত কেইজনমান ভাৰতীয়ই ইতিহাস লিখিছিল, কিন্তু সেইবোৰো ব্ৰিটিছৰ প্ৰভাৱত লিখা।” বাগাৰে দাবী কৰিছে যে নতুন জাতীয় শিক্ষানীতিৰ জৰিয়তে এই ভুল সংশোধন কৰি নতুন প্ৰজন্মক দেশৰ সভ্যতা আৰু সংস্কৃতি সংৰক্ষণৰ বাবে প্ৰস্তুত কৰা হ’ব। তেওঁ মহাৰাণা প্ৰতাপ আৰু ছত্ৰপতি শিৱাজীক ‘জাতীয়তাবাদৰ প্ৰতীক’ বুলি অভিহিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...