৮০ কোটি টকাৰ বকেয়া ৰাখি ‘পলায়ন’ তুৰস্কৰ কোম্পানীৰ

ভাৰত-পাক উত্তেজনাৰ পৰিস্থিতিৰ সুযোগ লৈ কানপুৰ মেট্ৰ’ প্ৰকল্পৰ সৈতে জড়িত তুৰস্কৰ এটা সংস্থাই প্ৰায় ৮০ কোটি টকাৰ বকেয়া ৰাখি পলায়ন কৰিছে বুলি অভিযোগ উঠিছে। ‘ইণ্ডিয়া টুডে’ৰ এক প্ৰতিবেদনত জানিব পৰা গৈছে যে তুৰস্কৰ এই ঠিকাদাৰী সংস্থাটোৰ নাম ‘গুলেৰমাক’। অভিযোগ অনুসৰি, এই সংস্থাৰ কৰ্তৃপক্ষই ঠিকা-কৰ্মীসকলৰ বেতনৰ বাবদ প্ৰায় ৮০ কোটি টকা বকেয়া ৰাখি পলায়ন কৰিছে।

‘ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় সংস্থা ‘ছেম ইণ্ডিয়া’ আৰু তুৰস্কৰ নিৰ্মাণ সংস্থা ‘গুলেৰমাক’ক যৌথভাৱে কানপুৰ মেট্ৰ’ প্ৰকল্পৰ কামৰ দায়িত্ব দিয়া হৈছিল। ‘গুলেৰমাক’-এ নিজৰ অধীনত আৰু ৫৩টা উপ-ঠিকা সংস্থাক কামৰ দায়িত্ব দিছিল। কিন্তু কাম সম্পূৰ্ণ হোৱাৰ পিছতো এই ঠিকাদাৰসকলৰ মোটা অংকৰ পাওনা এতিয়াও বকেয়া আছে বুলি অভিযোগ। ঠিকাদাৰসকলৰ আৰু অভিযোগ যে তুৰস্কৰ এই সংস্থাই বিগত ১০ মাহতকৈও অধিক সময় ধৰি এই ৫৩টা উপ-ঠিকা সংস্থাৰ পাওনা পৰিশোধ কৰা নাই। আনহাতে, শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ প্ৰেক্ষাপটত তুৰস্কৰ ভূমিকাৰ বিষয়ে একাধিকবাৰ প্ৰশ্ন উত্থাপিত হৈছিল। এই পৰিস্থিতিত ‘গুলেৰমাক’ৰ শীৰ্ষ কৰ্মকৰ্তাসকলে ঠিকাদাৰসকলৰ বেতন পৰিশোধ নকৰাকৈ পলায়ন কৰিছে বুলি অভিযোগ উঠিছে। একাধিকবাৰ ফোনযোগে যোগাযোগৰ চেষ্টা কৰা হৈছে যদিও তেওঁলোকে তাক এৰাই চলিছে। এই পৰিস্থিতিৰ ফলত কানপুৰ মেট্ৰ’ কৰ্তৃপক্ষৰ বিপদত পৰিছে।

অভিযোগ অনুসৰি, ঠিকাদাৰসকলে এই বিষয়ত উত্তৰ প্ৰদেশ মেট্ৰ’ ৰেল কৰ্পোৰেশ্যন (ইউপিএমআৰচি)-ৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। শেষত ৯জন ঠিকাদাৰে সোমবাৰে দুপৰীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ এই বিষয়ত লিখিত অভিযোগ দাখিল কৰিছে। তেওঁলোকৰ মতে, ভাৰত-পাকিস্তান সংঘাতৰ প্ৰেক্ষাপটত তুৰস্কৰ ভূমিকাৰ বিষয়ে প্ৰশ্ন উত্থাপিত হোৱাৰ লগে লগে ‘গুলেৰমাক’-এ টকা পৰিশোধৰ ক্ষেত্ৰত বাহানা আৰম্ভ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে ‘মেট্ৰ’ মাৰ্বল’-ৰ ৩.৭০ কোটি টকা, ‘ৰেডিয়েণ্ট চাৰ্ভিচেছ’-ৰ ১.২০ কোটি টকা, ‘শ্ৰেয়াংশ ইনফ্ৰাটেক’-ৰ ১.৭০ কোটি টকা, ‘এছ ইণ্টেৰিয়ৰ’-ৰ ৭৪.৮০ লাখ টকা, ‘এম ডি এহছান পেইণ্টাৰ’-ৰ ৩৯.৮০ লাখ টকা, ‘বিনোদ গুপ্তা এণ্টাৰপ্ৰাইজ’-ৰ ৮.৫৪ লাখ টকা, ‘নন্দন প্ৰিফেব’-ৰ ২৯.৫০ লাখ টকা আৰু ‘শ্ৰী বালাজি এণ্টাৰপ্ৰাইজ’-ৰ ২১.৫০ লাখ টকা এতিয়াও বকেয়া আছে। এই বিষয়ত ‘ৰেডিয়েণ্ট ফাৰ্ম’-ৰ ঠিকাদাৰ গজেন্দ্ৰ সিং-এ কয়, “এতিয়ালৈকে সংস্থাসমূহক মাত্ৰ ৫০ শতাংশ টকা পৰিশোধ কৰা হৈছে। বাকী টকা পৰিশোধ নকৰাকৈয়ে তেওঁলোকে নগৰ এৰি গুচি গৈছে।” ইউপিএমআৰচিৰ যুটীয়া জনসংযোগ বিষয়া পঞ্চানন মিশ্ৰই সংবাদমাধ্যমক জনাইছে যে ‘গুলেৰমাক’ আৰু আন এটা সংস্থাৰ যৌথ উদ্যোগত কানপুৰৰ এক নম্বৰ কৰিড’ৰৰ চাৰিটা ষ্টেচনৰ কাম সম্পূৰ্ণ হৈছিল। কাম সম্পূৰ্ণ হোৱাৰ পিছত মেট্ৰ’ৱে ‘গুলেৰমাক’ক চুক্তি অনুসৰি সম্পূৰ্ণ টকা পৰিশোধ কৰিছিল। তথাপি, মুঠ চুক্তিৰ টকাৰ ৫ শতাংশ মেট্ৰ’ৰ হাতত জমা আছে, যি চুক্তি অনুসৰি এবছৰৰ পিছত পৰিশোধ কৰাৰ কথা। এই পৰিস্থিতিত যদি এই সংস্থাই তাৰ অধীনস্থ ঠিকাদাৰসকলক টকা পৰিশোধ নকৰে, তেন্তে মেট্ৰ’য়েই এই টকা পৰিশোধ কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...