কামাখ্যালৈ আহিছে ‘চাইকেল বাবা’

গুৱাহাটী, ২২ জুন, NKTV: আজিৰ পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি। বিয়লি ২বাজি ৬ মিনিট ৭ ছেকেণ্ডৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হৈছে যদিও এইবাৰ কামাখ্যাত অনুষ্ঠিত নহয় অম্বুবাচী মেলা। কিন্তু মা কামাখ্যাৰ দৰ্শনৰ বাবে পশ্চিমবংগৰ পৰা ১১৪৬ কিলোমিটাৰ অতিক্ৰম কৰি কামাখ্যাত উপস্থিত হ’ল এজন চাইকেল বাবা।

কামাখ্যালৈ আহিছে চাইকেল বাবা
১১৪৬ কিলোমিটাৰ অতিক্ৰম কৰি আহিছে বাবা
পত্নীক লগত লৈ চাইকেলেৰে আহিল কামাখ্যালৈ
চাইকেল বাবাৰ আচল নাম অভয় পাগল গিৰি
চাইকেল বাবাৰ কামাখ্যালৈ তীৰ্থ যাত্ৰা কিয়?

কামাখ্যাত পাগল গিৰিৰ ভগৱান বন্দনা। অভয় পাগল গিৰিয়ে লগত আনিছে গীতা পাগলক। আজিৰ পৰা অম্বুবাচী আৰম্ভ হৈছে যদিও ভক্তৰ সমাগম বন্ধ কৰা হৈছে। কিন্তু মা কামাখ্যাৰ দৰ্শন বিচাৰি গুৱাহাটী পালেহি চাইকেল বাবা। পশ্চিমবংগৰ নাদিয়া জিলাৰ কৃষ্ণগৰৰ পৰা চাইকেল লৈ চাইকেল বাবাৰ কামাখ্যালৈ তীৰ্থ যাত্ৰা। লগত আছে পত্নী গীতা পাগল গিৰি সাধু।

চাইকেলখনকে সাৰথি কৰি ১৪ দিন ধৰি পশ্চিমবংগৰ পৰা যাত্ৰা কৰি গুৱাহাটীত উপস্থিত হোৱা উভয় পাগল গিৰিয়ে বাহৰ পাতিছেহি কামাখ্যা পাহাৰৰ তলত। কাৰণ কৰ’ণাৰ বাবে এইবাৰ প্ৰৱেশ বন্ধ আছে কামাখ্যা মন্দিৰ চৌহদত। মাৰ আশীৰ্বাদ বিচাৰি চাইকেলেৰে অসমলৈ অহা চাইকেল বাবাই ভূতনাথত আশ্ৰয় লৈ অপেক্ষা কৰিছে মা কামাখ্যা দৰ্শনৰ বাবে। ১১৪৬ কিলোমিটাৰ অতিক্ৰম কৰি পত্নীসহ কামাখ্যালৈ অহা চাইকেল বাবাৰ মনৰ আশা পূৰণ হ’ব নে নাই সেয়া এতিয়াও ক’ব পৰা নাযাব। উল্লেখ্য যে, অহা ২৫ জুনৰ নিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি ঘটিব। কিন্তু এইবাৰো নহয় অম্বুবাচী মেলা।

মালিগাঁৱৰ পৰা বিশ্বজিৎ সুত্ৰধৰৰ ৰিপৰ্ট, এন কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...