বাংলাদেশী সাজ-পোছাক, খাদ্য সামগ্ৰী বন্দৰেৰে ভাৰতত প্ৰৱেশত নিষেধাজ্ঞা! মোদী চৰকাৰৰ নিৰ্দেশনা

ভাৰতে বাংলাদেশৰ কিছু সামগ্ৰীৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। শনিবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনৰ বৈদেশিক বাণিজ্য বিভাগে (DGFT) জানিবলৈ দিছে যে, বাংলাদেশৰ তৈয়াৰী পোছাক আৰু খাদ্য-সামগ্ৰী ভাৰতৰ বন্দৰৰ জৰিয়তে আমদানি কৰিব নোৱাৰিব।

DGFTৰ মতে, বাংলাদেশৰ তৈয়াৰী পোছাক, খাদ্য-সামগ্ৰীৰ লগতে ফল, প্ৰক্ৰিয়াজাত খাদ্য, তুলা, তাঁতৰ পোছাক, প্লাষ্টিক, পিভিচিৰ সামগ্ৰী, ৰং আদি ভাৰতৰ অসম, মিজোৰাম, মেঘালয়, ত্ৰিপুৰাৰ শুল্ককেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পশ্চিমবংগৰ চ্যাংৰাবান্ধা আৰু ফুলবাৰী শুল্ককেন্দ্ৰতো এই নিষেধাজ্ঞা বলৱৎ কৰা হৈছে। কিন্তু মাছ, এলপিজি, ভোজ্যতেলৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই। তদুপৰি, ভাৰতৰ জৰিয়তে নেপাল আৰু ভূটানলৈ এই সামগ্ৰী যোৱাৰ ক্ষেত্ৰতো কোনো বাধা নাই।

যোৱা মাহত ভাৰতে বাংলাদেশক তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানিৰ বাবে ‘ট্ৰান্সশ্বিপমেণ্ট’ সুবিধা বন্ধ কৰিছিল। ফলত বাংলাদেশে ভাৰতৰ শুল্ককেন্দ্ৰ ব্যৱহাৰ কৰি তৃতীয় দেশলৈ ৰপ্তানি কৰিব নোৱাৰিলে। ভাৰতৰ মতে, এই সুবিধাৰ ফলত ভাৰতীয় ৰপ্তানিকাৰীৰ সমস্যা হৈছিল। তাৰ পিছত বাংলাদেশৰ জাতীয় ৰাজস্ব ব’ৰ্ডে (NBR) স্থলপথেৰে ভাৰতৰ পৰা সুতা আমদানি বন্ধৰ ঘোষণা কৰে, যদিও সমুদ্ৰপথে আমদানিৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাছিল।

বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত মুহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তী চৰকাৰ গঠন হৈছে। শেখ হাছিনাৰ আমোলত ‘ট্ৰানজিট ৰুট’ৰ ওপৰত দুয়োফালৰ আলোচনা আগবাঢ়িছিল, কিন্তু এতিয়া সেয়া স্থবিৰ হৈ পৰিছে। ইউনুছে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য, নেপাল, ভূটান আৰু বাংলাদেশৰ একেলগে কাম কৰাৰ কথা কৈছিল, যিটো নতুন দিল্লীয়ে ভালদৰে গ্ৰহণ কৰা নাই। এই পৰিপ্ৰেক্ষিতত ভাৰতে বাংলাদেশৰ সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে, যদিও ইউনুছৰ মন্তব্যৰ প্ৰত্যক্ষ প্ৰভাৱৰ কথা স্পষ্ট কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...