ফুটপাথবোৰ বেদখলমুক্ত কৰিব লাগিব : উচ্চতম ন্যায়ালয়

বাধাহীন ফুটপাথ ব্যৱহাৰৰ অধিকাৰ সংবিধানত উল্লেখিত মানুহৰ মৌলিক অধিকাৰৰ অন্তৰ্গত! বুধবাৰে এই কথা জনাইছে সৰ্বোচ্চ ন্যায়ালয়ে। শীৰ্ষ ন্যায়ালয়ৰ মন্তব্য, ফুটপাথক দখলমুক্ত ৰাখিব লাগিব। পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক নিৰ্দেশিকা তৈয়াৰ কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। সময়সীমাও নিৰ্ধাৰণ কৰা হৈছে। দুমাহৰ ভিতৰত এই নিৰ্দেশিকা চূড়ান্ত কৰিবলৈ ন্যায়ালয়ৰ বিচাৰপতি অভয় এছ ওকা আৰু বিচাৰপতি উজ্জ্বল ভূঞাৰ বেঞ্চে নিৰ্দেশ দিছে।

বুধবাৰে শীৰ্ষ ন্যায়ালয়ৰ দুজন বিচাৰপতিৰ বেঞ্চত পথ সুৰক্ষা সংক্ৰান্ত এটা গোচৰৰ শুনানি চলি আছিল। আইনী বাতৰি পৰিৱেশনকাৰী ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ৰ মতে, দেশত যিমান পথ দুৰ্ঘটনা সংঘটিত হয়, তাৰ ১৯.৫ শতাংশ দুৰ্ঘটনাতে পথচাৰীৰ মৃত্যু হয়। পথচাৰীৰ বাবে কেনে পৰিকাঠামো হ’ব লাগে, তাৰ বিষয়ে কেন্দ্ৰীয় নগৰোন্নয়ন মন্ত্ৰণালয়ৰো নিৰ্দিষ্ট নিৰ্দেশিকা আছে বুলি তেওঁ জনায়।

শুনানিত সুৰক্ষিত ফুটপাথৰ গুৰুত্বৰ কথা উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়ে জনায় যে, বাধাহীন ফুটপাথৰ অধিকাৰ মানুহৰ জীৱনৰ অধিকাৰৰ অংশ। শীৰ্ষ ন্যায়ালয়ৰ মন্তব্য – সকলো ফুটপাথ এনেদৰে নিৰ্মাণ কৰিব লাগিব যাতে সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে, বিশেষকৈ শাৰীৰিক প্ৰতিবন্ধীসকলৰ বাবে ই উপযুক্ত হয়। ফুটপাথসমূহ দখলমুক্ত ৰাখিব লাগিব বুলিও সৰ্বোচ্চ ন্যায়ালয়ে জনাইছে। প্ৰকৃততে, ইয়াৰ পূৰ্বে মুম্বাইৰ এটা গোচৰতো সৰ্বোচ্চ ন্যায়ালয়ে বাধাহীন ফুটপাথৰ বিষয়ে মন্তব্য কৰিছিল। সেই সময়তো ন্যায়ালয়ে জনাইছিল যে, পথচাৰীৰ বাবে বাধাহীন ফুটপাথৰ অধিকাৰ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।

বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে জনোৱা মতে, ‘ইণ্ডিয়াৰ ৰোড কংগ্ৰেছ’ আৰু অন্য নিয়ামক সংস্থাই ইতিমধ্যে যি নিৰ্দেশিকা নিৰ্ধাৰণ কৰিছে, তাৰ ভিত্তিত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে দুমাহৰ ভিতৰত নিৰ্দেশিকা তৈয়াৰ কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰই যি নিৰ্দেশিকা আৰু নীতি প্ৰণয়ন কৰিছে, সেইটোও একে সময়ৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰিবলৈ কোৱা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি চলিত বৰ্ষৰ ১ আগষ্টত অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...