৫ দিনত ভাৰতৰ প্ৰতিৰক্ষাৰ শ্বেয়াৰ ২২ শতাংশ বৃদ্ধি

ভাৰত-পাকিস্তানৰ সংঘাত হ্ৰাস পোৱাৰ লগে লগে শ্বেয়াৰ বজাৰত হৈ-চৈ পৰিৱেশৰ সৃষ্টি হৈছে। পাঁচ দিনৰ ভিতৰত দেশীয় প্ৰতিৰক্ষা সংস্থাসমূহৰ ষ্টকৰ দাম ২২ শতাংশ বৃদ্ধি পাইছে। বম্বে আৰু নেচনেল ষ্টক এক্সচেঞ্জত ভাৰত ইলেকট্ৰনিক্স লিমিটেড, ভাৰত ডাইনামিক্স লিমিটেড, হিন্দুস্তান এৰ’নটিক্স লিমিটেড আৰু মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছৰ শ্বেয়াৰৰ দৰ উৰ্ধ্বমুখী হৈছে। ফলত এই সংস্থাসমূহত বিনিয়োগ কৰা বিনিয়োগকাৰীসকলে মোটা অংকৰ লাভৰ আশা কৰাটো স্বাভাৱিক।

১২ মে’ত দেশৰ উদ্দেশ্যে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অপাৰেশ্যন সিন্দূৰ’ আৰু তাৰ পিছৰ পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত দেশত নিৰ্মিত অস্ত্ৰৰ উৎকৃষ্ট প্ৰদৰ্শনৰ কথা উল্লেখ কৰে। তেওঁ এই প্ৰসংগত ‘মেক ইন ইণ্ডিয়া’ ব্যৱহাৰ কৰা শুনা গৈছিল। শ্বেয়াৰ বিশেষজ্ঞসকলৰ মতে, তেওঁৰ এই বক্তব্যৰ পিছতেই দেশীয় প্ৰতিৰক্ষা সংস্থাসমূহৰ ষ্টকত বিনিয়োগৰ বাবে বিনিয়োগকাৰীসকলৰ মাজত আগ্ৰহ দেখা গৈছে। ফলত ষ্টকৰ দাম বাঢ়িবলৈ ধৰিছে।

ব্ৰ’কাৰেজ ফাৰ্মসমূহৰ দাবী, ‘যুদ্ধ’ৰ সময়ত দেশীয় প্ৰতিৰক্ষা সংস্থাসমূহৰ নিৰ্মিত অস্ত্ৰৰ উৎকৃষ্ট প্ৰদৰ্শনে সেনাবাহিনীত এই সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিছে। ফলত ভৱিষ্যতে এই অস্ত্ৰৰ চাহিদা বাঢ়িব বুলি ধাৰণা কৰা হৈছে। লগতে, এই অস্ত্ৰৰ ৰপ্তানি বৃদ্ধিৰ সম্ভাৱনাও আছে।

চাৰি দিন ধৰি চলা সংঘাতৰ সময়ত পাকিস্তানী সেনাই পঠোৱা হাজাৰ হাজাৰ ড্ৰ’ন ভূপতিত কৰিবলৈ ভাৰতীয় সেনাই আকাশ প্ৰতিৰক্ষা ব্যৱস্থা কামত লগাইছিল। সূত্ৰৰ খবৰ, এই ব্যৱস্থাৰ সহায়ত তুৰস্কৰ অত্যাধুনিক ড্ৰ’নো মধ্য আকাশত ধ্বংস কৰা সম্ভৱ হৈছিল। এই কাৰণে এই ব্যৱস্থাৰ নিৰ্মাতা সংস্থা ভাৰত ইলেকট্ৰনিক্স আৰু ভাৰত ডাইনামিক্সৰ শ্বেয়াৰৰ দাম পাঁচ দিনত ক্ৰমে ১০ আৰু ১৯ শতাংশ বৃদ্ধি পাইছে। তালিকাত আছে হিন্দুস্তান এৰ’নটিক্স লিমিটেড বা এইচএএলৰ নাম। তেজছ যুদ্ধবিমান নিৰ্মাতা এই সংস্থাটোৰ ষ্টক পাঁচ দিনত প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে।

ইয়াৰ উপৰিও, ড্ৰ’ন নিৰ্মাণৰ সৈতে জড়িত নাগপুৰৰ ছ’লাৰ ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম পাঁচ দিনত প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে। ৰণতৰী নিৰ্মাণকাৰী সংস্থা মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডৰ ষ্টকৰ দৰ প্ৰায় ১৪ শতাংশ বাঢ়িছে। পাৰছ ডিফেন্স এণ্ড স্পেচ টেকন’লজীজ, গাৰ্ডেনৰিচ শ্বিপবিল্ডাৰ্ছ আৰু কোচিন শ্বিপবিল্ডাৰ্ছৰ শ্বেয়াৰ ক্ৰমে ১০, ৩২ আৰু ২৬ শতাংশ উৰ্ধ্বমুখী হৈছে।

ভাৰতৰ বিৰুদ্ধে যুঁজত পাকিস্তানী সেনাই চীন আৰু তুৰস্কৰ অস্ত্ৰৰ ওপৰত ভৰসা কৰিছিল। কিন্তু কাৰ্যক্ষেত্ৰত সেই অস্ত্ৰই সঠিকভাৱে কাম কৰা নাছিল। বৰং নতুন দিল্লীয়ে ড্ৰ’ন আক্ৰমণৰ জৰিয়তে চীনত নিৰ্মিত প্ৰতিৰক্ষা ব্যৱস্থাক ধ্বংস কৰি দিয়ে। ফলত যুদ্ধৰ সময়ত চীনৰ প্ৰতিৰক্ষা ষ্টকৰ সূচক নিম্নমুখী হৈ পৰে। বিশ্লেষকসকলৰ মতে, বিশ্ববজাৰত ভাৰতীয় অস্ত্ৰৰ চাহিদা যি ৰূপত বৃদ্ধি পাইছে, সেয়া অভূতপূৰ্ব। আগন্তুক দিনত বিভিন্ন দেশে এই অস্ত্ৰ ক্ৰয় কৰিবলৈ বিচাৰিলে ভাৰতৰ প্ৰতিৰক্ষা ষ্টক আকাশচুম্বী হ’ব বুলি অৰ্থনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...