ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত Appleৰ পণ্য উৎপাদন বন্ধ কৰাৰ প্রস্তাৱ দিছে। বৃহস্পতিবাৰে কাটাৰৰ ৰাজধানী দোহাত তেওঁ নিজেই এই কথা জনাইছে। ট্রাম্পে Appleৰ CEOক কৈছে, “মই শুনিছো আপুনি ভাৰতত পণ্য উৎপাদন কৰি আছে। মই নিবিচাৰো যে আপুনি ভাৰতত পণ্য উৎপাদন কৰক।” তেওঁ এইটোও জনাইছে যে, ভাৰত নিজৰ বিষয় নিজে চম্ভালিব পাৰে আৰু ভাৰত ভালদৰে চলি আছে।

ভাৰতত Appleৰ আইফোন, আইপেড, মেকবুক, ইয়াৰপডৰ দৰে বিভিন্ন পণ্য উৎপাদন হয়। যদি Appleয়ে ভাৰতত এই পণ্যৰ উৎপাদন বন্ধ কৰে, তেন্তে এই পণ্যসমূহ বিদেশৰ পৰা আমদানি কৰিব লাগিব। এনে পৰিস্থিতিত ভাৰতীয় বজাৰত আইফোনকে ধৰি Appleৰ অন্যান্য পণ্যৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ট্রাম্পে জনোৱা মতে, বুধবাৰে তেওঁ কুকৰ সৈতে কথা-বতৰা হৈছিল। তেওঁ Appleৰ প্রধানক কৈছে, “যদি আপুনি ভাৰতৰ যত্ন ল’ব বিচাৰে, তেন্তে সেই দেশত পণ্য তৈয়াৰ কৰিব পাৰে। কাৰণ, বিশ্বৰ সৰ্বাধিক শুল্ক আদায় কৰা দেশসমূহৰ ভিতৰত ভাৰতো এখন। তেওঁৰ মতে, ভাৰতৰ শুল্কৰ হাৰ অতি উচ্চ, যাৰ ফলত ভাৰতত পণ্য বিক্ৰী কৰাটো কঠিন।

ভাৰতত Appleৰ পণ্য উৎপাদন বন্ধৰ কথা উত্থাপনৰ সময়ত ট্রাম্পে ভাৰত-মাৰ্কিন দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰসঙ্গও উত্থাপন কৰিছিল। তেওঁৰ দাবী, আমেৰিকাই ভাৰতৰ পৰা নিঃশুল্ক বাণিজ্য চুক্তিৰ প্ৰস্তাৱ পাইছিল। ট্রাম্পে কৈছে, “তেওঁলোকে (ভাৰত) আমাক আক্ষৰিক অৰ্থত নিঃশুল্ক বাণিজ্য চুক্তিৰ প্ৰস্তাৱ দিছিল। মই টিমক কৈছো, আমি আপোনালোকৰ সৈতে ভাল ব্যৱহাৰ কৰি আছো। বছৰৰ পিছত বছৰ ধৰি আপোনালোকে চীনত যি উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে, তাক আমি সহ্য কৰিছো। কিন্তু আপোনালোকে ভাৰতত যি কাৰখানা স্থাপন কৰি আছে, তাত আমি আগ্ৰহী নহয়। ভাৰত নিজেই নিজৰ যত্ন ল’ব পাৰে।” যদিও ট্রাম্পৰ এই মন্তব্য সন্দৰ্ভত ভাৰতৰ তৰফৰ পৰা এতিয়ালৈকে কোনো চৰকাৰী প্ৰতিক্ৰিয়া পোৱা নাই।

প্ৰকৃততে, Apple এটা মাৰ্কিন বহুজাতিক সংস্থা হ’লেও তেওঁলোকৰ বেছিভাগ পণ্য আমেৰিকাৰ বাহিৰত উৎপাদিত হৈ আহিছে। চিএনবিচিৰ এক প্ৰতিবেদনৰ মতে, Appleৰ ৮০ শতাংশৰো অধিক পণ্য চীনত উৎপাদিত হয়। Appleৰ প্ৰায় ৮০ শতাংশ আইপেড চীনত তৈয়াৰ হয়। Appleয়ে উৎপাদন কৰা কম্পিউটাৰৰ অৰ্ধেকতকৈ অধিক চীনত তৈয়াৰ হয়।

ভাৰতীয় বজাৰৰ সম্ভাৱনাময় দিশৰ কথা বিবেচনা কৰি Appleয়ে দীৰ্ঘদিন ধৰি ভাৰতাভিমুখী হৈছে। শেহতীয়াকৈ কুকে ঘোষণা কৰিছিল যে, জুন ত্ৰৈমাসিকত আমেৰিকাত বিক্ৰীৰ বাবে বেছিভাগ আইফোন ভাৰততেই উৎপাদিত হ’ব। এই পৰিস্থিতিত ট্রাম্পৰ মন্তব্যক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

ভাৰতীয় বজাৰত মাৰ্কিন পণ্যৰ ওপৰত উচ্চ শুল্কৰ অভিযোগ ট্রাম্পে ইতিপূৰ্বেও উত্থাপন কৰিছিল। ২ এপ্ৰিলত তেওঁ আমেৰিকাৰ বজাৰত বিভিন্ন দেশৰ পণ্যৰ ওপৰত নতুন শুল্কৰ হাৰ ঘোষণা কৰিছিল। তালিকাত ভাৰতো আছিল। তেওঁ মাৰ্কিন বজাৰত ভাৰতীয় পণ্যৰ ওপৰত ২৬ শতাংশ শুল্ক ঘোষণা কৰিছিল। যদিও এসপ্তাহ নৌহওঁতেই চীনৰ বাহিৰে অন্য সকলো দেশৰ ওপৰত শুল্ক আৰোপৰ সিদ্ধান্ত তেওঁ ৯০ দিনৰ বাবে স্থগিত ৰাখিছিল (শেহতীয়াকৈ চীনৰ সৈতে শুল্ক সংঘাততো আমেৰিকাই ৯০ দিনৰ বিৰতি ঘোষণা কৰিছে)। এই ৯০ দিনৰ ভিতৰত ভাৰত আৰু আমেৰিকা দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্য চুক্তি চূড়ান্ত কৰিবলৈ চেষ্টা কৰি আছে। এই পৰিপ্ৰেক্ষিতত ট্রাম্পৰ মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে।

ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ে ইতিমধ্যে কেইবা দফা আলোচনা হৈছে। মাৰ্কিন বাণিজ্য প্ৰতিনিধি দল ভাৰতলৈ আহিছে, ভাৰতীয় প্ৰতিনিধি দলো আমেৰিকালৈ গৈছে। এপ্ৰিলৰ শেষৰ ফালে ট্রাম্পে কৈছিল, “ভাৰতৰ সৈতে বাণিজ্যৰ কথা-বতৰা অতি ভালদৰে আগবাঢ়িছে। আমি ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছো।”

কিন্তু শেহতীয়া সময়ত ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত ট্রাম্পৰ কিছু মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। ট্রাম্পৰ দাবী, তেওঁ ভাৰত আৰু পাকিস্তানক সংঘৰ্ষ বন্ধ নকৰিলে বাণিজ্য বন্ধ হোৱাৰ সতৰ্কবাণী দিছিল। এই কথা কৈ তেওঁ দুয়োখন দেশক সংঘৰ্ষবিৰতিত ৰাজি কৰাইছিল। যদিও ভাৰতে এই দাবী খণ্ডন কৰিছে। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে যে, ৭-১০ মে’ৰ (ভাৰত-পাক সংঘৰ্ষৰ সময়ত) আমেৰিকাৰ সৈতে কোনো আলোচনাত বাণিজ্যৰ প্ৰসঙ্গ কেতিয়াও উত্থাপিত হোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...