পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ

মাতৃ দিৱসৰ দিনাই মহানগৰীত ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ। মৃত শিশুটি মৃন্ময় ৰাজবংশী বুলি চিনাক্ত। দেওবাৰে দুপৰীয়াৰ ভাগত বশিষ্ঠৰ হেম ভাই আশ্ৰমৰ চৌহদৰ সমীপত এটা ক’লা ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ। শনিবাৰৰে পৰা নিৰুদ্দেশ হৈ আছিল মৃত মৃন্ময় ৰাজবংশী। আৰক্ষীৰ জালত মাতৃ দিপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিক জ্যোতিৰ্ময় হালৈ। অবৈধ প্ৰেমৰ বাবেই শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ মাতৃ আৰু অবৈধ প্ৰেমিকৰ।

সম্প্ৰতি দিছপুৰ থানাত জেৰা চলাইছে মাতৃ আৰু অবৈধ প্ৰেমিকক। মহানগৰীৰ এখন ব্যক্তিগত ক্লিনিকত কৰ্মৰত আছিল মাতৃ। অভিযুক্ত প্ৰেমিক জ্যোতিৰ্ময় হালৈ আছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। পৰকীয়া প্ৰেমৰ বাবে বিবাহ বিচ্ছেদো হৈছিল অভিযুক্ত মাতৃৰ। মাতৃ আৰু অবৈধ প্ৰেমিকৰ মাজত হেঙাৰ হৈছিল শিশুটি। যাৰ বাবে শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ মাতৃ আৰু প্ৰেমিকৰ। ঘটনাস্থলীত উপস্থিত CID আৰু ফৰেনচিকৰ লগতে দণ্ডাধীশ। প্ৰথমে ঘটনাস্থলীলৈ গাড়ীৰে লৈ গৈছিল শিশুটিক। আন্ধাৰ সুযোগত শিশুটিক হত্যা কৰি সেই স্থানতেই পেলাই গৈছিল অভিযুক্তই। পাছত থানালৈ গৈ শিশুটি নিৰুদ্দেশ হোৱা বুলি দাখিল কৰিছিল এজাহাৰ। সমগ্ৰ ঘটনাক নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছিল মাতৃ-অবৈধ প্ৰেমিকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...