যোগ অলিম্পিয়াড, ৩২গৰাকী প্ৰতিযোগীৰ মাজত মহাৰণ

ডায়েট ধেমাজিত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়। এই অনুষ্ঠানত ধেমাজি জিলাৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণি বন্তি প্ৰজ্বলনৰে কৰা হয়৷ বন্তি প্ৰজলন কৰে ডায়েট ধেমাজিৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱাই| অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ প্ৰবক্তা ইন্দ্ৰজিৎ গাম আৰু প্ৰবক্তা জুৰিস্মিতা শ্যামে৷ এই অনুষ্ঠানত উপস্থিত আছিল ধেমাজি জিলা যোগাসন ক্ৰীড়া সংস্থাৰ সম্পাদক পুলেন দাস, কাৰিকৰী সম্পাদক নৱজ্যোতি সোণোৱালসহ কেইবাজনো বিশিষ্ট ব্যক্তি।

প্ৰতিযোগিতা দুটা শ্ৰেণীত অনুষ্ঠিত হয় –
১. উচ্চ প্ৰাথমিক স্তৰ (শ্ৰেণী VI- VIII)
২. মাধ্যমিক স্তৰ (শ্ৰেণী IX – X)
ল’ৰা আৰু ছোৱালীৰ বাবে পৃথকভাৱে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

মুখ্য বিচাৰকৰ ভূমিকাত আছিল পুলেন দাস আৰু বিচাৰক হিচাপে ক্ৰমে নৱজ্যোতি সোণোৱাল আৰু জুনমনি চাংমাই।

প্ৰতিযোগিতাৰ ফলাফলঃ

উচ্চ প্ৰাথমিক স্তৰ (VI – VIII)
ছোৱালী শাখা:
১. তুৰিস্মা সোণোৱাল – বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
২. হিমাদ্ৰী লাহন- বাটঘৰীয়া মজলীয়া বিদ্যালয়
৩. লেৰিনা সোণোৱাল – বাটঘৰীয়া মজলীয়া বিদ্যালয়
৪. ৰ’জৰাণী বুঢ়াগোহাঁই – মৰিধল মজলীয়া বিদ্যালয়

ল’ৰা শাখা:
১. ভাৰ্গৱ বুঢ়াগোহাঁই – যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়
২. ভৈৰৱ কোঁৱৰ – নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়
৩. পংকজ গগৈ – মাটিখোলা মজলীয়া বিদ্যালয়
৪. থমাচ দুৱৰী– বাটঘৰীয়া মজলীয়া বিদ্যালয়

মাধ্যমিক স্তৰ (IX – X)
ছোৱালী শাখা :
১. ৰিম্পি গগৈ – ঘুগুহা উচ্চ মাধ্যমিক বিদ্যালয়
২. হেপ্পী গগৈ – ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
৩. হিৰাৰুণ নৰহ – ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
৪. পৰিস্মিতা চুতীয়া – ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

ল’ৰা শাখা:
১. জুজু দাফলাৰী – জীয়াধল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়
২. বিকাশ দাস – ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়
৩. ডেভিড গগৈ – ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়

প্ৰতিযোগিতাৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ সঞ্জীৱ কুমাৰ ফুকন, জিলা যোগাসন ক্ৰীড়া সন্থাৰ পৃষ্ঠপোষক হেৰম্ব প্ৰসাদ দাস আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা৷

শাখাভিত্তিক প্ৰথম চাৰিজন বিজয়ীয়ে গুৱাহাটীস্থিত ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা আয়োজিত ৰাজ্যিক যোগ অলিম্পিয়াডত ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...