গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট মহানগৰীৰ বেলতলাত যোৱা সোমবাৰে সন্ধিয়া উদ্বোধন কৰা হয়। অসম ৰাজ্যিক বিদ্যুত নিয়ামক আয়োগৰ অধ্যক্ষ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই মহানগৰীৰ প্ৰশান্তি পথত পিকলবল খেলৰ এই অত্যাধুনিক কৰ্টখন উদ্বোধন কৰে। সাংবাদিক-ক্ৰীড়া সংগঠক প্ৰণয় বৰদলৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহন কৰে। অসম পিকলবল সন্থাৰ তত্বাৱধানত দিছপুৰ পিকলবল কচিং চেন্টাৰে এই অত্যাধুনিক কৰ্টখন নিৰ্মাণ কৰি উলিয়াইছে। চেন্টাৰটোৰ ক’ৰ কমিটীৰ সদস্য অৰূপ জ্যোতি দাসে আত ধৰা এই অনুষ্ঠানত পিকলবলৰ বিশিষ্ট খেলুৱৈ কৰ্ণেল মৃদুল বৰকাকতি আৰু অসম পিকলবল সন্থাৰ সাধাৰণ সম্পাদক নাজনীন ৰহমানে ভাৰতৰ লগতে আমেৰিকা, ভিয়েটনাম, থাইলেণ্ড আদি দেশত ক্ৰমাত জনপ্ৰিয় হৈ পৰা খেলবিধৰ কাৰিকৰী দিশসমূহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকৰ বাবে এই কৰ্টখন মুকলি থাকিব বুলি দিছপুৰ পিকলবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোক্তাসকলে জানিবলৈ দিছে। আনহাতে টেনিছ, টেবুল টেনিছ আৰু বেডমিন্টনৰ সংমিশ্ৰণত গঢ় লৈ উঠা পিকলবল খেলৰ উন্নত প্ৰশিক্ষণৰ দিহা কৰা হৈছে এই কেন্দ্ৰটোত। এই সন্দৰ্ভত যোগাযোগৰ নম্বৰ হৈছে 7002107600, 9864333499।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...