বিশিষ্ট সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

নাজিৰাৰ মেজেঙ্গাৰ সৰবৰহী মহিলা তথা বিশিষ্ট সমাজ সেৱিকা অঞ্জলী গগৈৰ সোমবাৰৰ পুৱতি নিশা দেহাৱসান ঘটে। অসুস্থতাৰ হেতু যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। হৃদৰোগকে ধৰি আন অসুস্থতাৰ হেতু চিকিৎসাধীন হৈ থকা গগৈয়ে পুৱতি নিশা ২.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে, তেওঁৰ পুত্ৰ BBC এছিয়া পেছিফিক এডিটৰিয়েলৰ দায়িত্বত থকা শচীন গগৈকে ধৰি আন এগৰাকী কন্যাক ইহঃসংসাৰত এৰি থৈ গৈছে। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত অঞ্জলী গগৈয়ে আধাতে স্কুল এৰা বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ সৈতে জড়িত হৈ আছিল।

তেওঁৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও অঞ্জলী গগৈৰ মৃত্যুত শোক ব্যক্ত কৰে। নাজিৰাৰ মেজেঙ্গাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...