সিদ্ধাৰ্থ যাদৱৰ হাৰিয়ানাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ

‘তুমি অহাৰ কথা আছিল, প্ৰতিশ্ৰুতি দিছিলা উভতি অহাৰ…’ মুহূৰ্ততে সকলো থান-বান হৈ গ’ল। কথা আছিল পুনৰ লগ পোৱাৰ। কথা আছিল মনৰ কথাবোৰ পতাৰ। কিন্তু সপোন সপোন হৈয়ে ৰ’ল। বুকুত অজুত সপোন বান্ধি ওলাই যোৱা মানুহজন আৰু উভতি নাহিল…

গুজৰাটৰ জামনগৰত জাগুয়াৰ জেট দুৰ্ঘটনাত নিহত ভাৰতীয় বায়ুসেনাৰ ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱৰ হাৰিয়ানাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। শব্দৰে বৰ্ণনা কৰিব নোৱাৰা পৰিস্থিতি এতিয়া ঘৰখনত। হাৰিয়ানাত সম্পূৰ্ণ সামৰিক সন্মানেৰে সম্পূৰ্ণ হয় সিদ্ধাৰ্থ যাদৱৰ অন্তিম অনুষ্ঠান। অগণন লোক, ভাৰতীয় বায়ুসেনাৰ বিষয়া, সশস্ত্ৰ বাহিনীৰ সদস্য, আৰক্ষী বিষয়া আৰু ৰাজনৈতিক নেতাই শেষ বিদায় জনাই সিদ্ধাৰ্থ যাদৱক।

শেষকৃত্যস্থলীত উপস্থিত আছিল সিদ্ধাৰ্থৰ বাগদত্তাগৰাকী। সিদ্ধাৰ্থৰ নিথৰ শৰীৰৰ কাষত কান্দি কান্দি ঢলি পৰে তেওঁ। চকুৰ পানীৰে বাট নেদেখা যুৱতীগৰাকীয়ে কৈ গ’ল সিদ্ধাৰ্থই কৈ যোৱা কথাবোৰ, ‘তুমি অহাৰ কথা আছিল…উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু…’ উল্লেখ্য যে ২ নৱেম্বৰত তেওঁলোকৰ বিয়াৰ কথা আছিল। কিন্তু নিয়তিয়ে যেন সেয়া হ’বলৈ নিদিলে!

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...