খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ৰাজ্যিক আলোচনা চক্ৰ আয়োজন

বিগত ২১ আৰু ২২ মাৰ্চ, ২০২৫ তাৰিখে ডিব্ৰুগড়ৰ জকাই বন কৈৱৰ্ত গাঁৱত অনুষ্ঠিত খিলঞ্জীয়া মঞ্চ অসমৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনখনত মনোনীত কাৰ্য নিৰ্বাহক সমিতি খনৰ প্ৰথমখন বৈঠক গুৱাহাটীৰ হাতীগাৱস্হিত খিলঞ্জীয়া মঞ্চ অসমৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হৈ যায়।
খিলঞ্জীয়া মঞ্চ অসমৰ মূখ্য উপদেষ্টা অনুপ চেতিয়া, সভাপতি মৃণাল হাজৰিকা, সাধাৰণ সম্পাদক প্ৰাঞ্জল দেউৰী সম্বন্বিতে কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত নতুন কাৰ্য নিৰ্বাহক সমিতি খনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰে।
মৃণাল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত খিলঞ্জীয়া মঞ্চ অসমৰ মূল লক্ষ্য অসম ভূমিত খিলঞ্জীয়া সংজ্ঞা নিৰূপনৰ বাবে ৰাজ্যখনৰ বিদ্বৎ সমাজৰ পৰামৰ্শ গ্ৰহণেৰে এটা সৰ্ব সন্মত‌ সূত্ৰত উপনীত হোৱাৰ উদ্দেশ্য এখন আলোচনা চক্ৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসমৰ খিলঞ্জীয়া লোকৰ জাতিগত তথ্য, ভাষা, কৃষ্টি, সংস্কৃতি তথা জনগোষ্ঠীয় পৰিচয় সামৰি এখন পূৰ্ণাংগ দলিল প্ৰস্তুত কৰণৰ বাবে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে।
নৱ প্ৰজন্মক সাম্প্ৰতিক সময়ৰ জাতীয় সংকট সমূহৰ সম্পৰ্কে সংবেদনশীল কৰি তুলিবলৈ এলানি শৈক্ষিক কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণৰ সিদ্ধান্ত লয়।
আজিৰ সভাই লগতে খিলঞ্জীয়া মঞ্চ অসমৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...