UPI, ATMৰ জৰিয়তে তৎক্ষণাত উলিয়াব পাৰিব PFৰ ধন…

হয়, আপুনি ঠিকেই শুনিছে। কৰ্মচাৰী ভবিষ্যনিধি সংস্থা (EPFO)য়ে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ গৈ আছে, যাৰ জৰিয়তে সদস্যসকলে ২০২৫ চনৰ মে’ মাহৰ শেষ বা জুনৰ আৰম্ভণিতে UPI আৰু ATMৰ মাধ্যমত তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড (PF)ত জমা থকা ধন উলিয়াব পাৰিব। পূৰ্বে কৰ্মচাৰীসকলে তেওঁলোকৰ PF সঞ্চয় লাভ কৰিবলৈ দীঘলীয়া আৰু সময়সাপেক্ষ প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হৈছিল। এই কাৰ্যব্যৱস্থা শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ সমৰ্থনত আৰু নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া (NPCI)ৰ অনুমোদনত কাৰ্যকৰী কৰা হৈছে। এই পদক্ষেপে দেশৰ লাখ লাখ EPFO সদস্যৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। কৰ্মচাৰীসকলে তাৎক্ষণিকভাৱে ১ লাখ টকালৈ এই ধন উলিয়াব পাৰিব। লগতে UPI প্লেটফৰ্মত প্ৰত্যক্ষভাৱে তেওঁলোকৰ PF বেলেন্স পৰীক্ষা কৰিব পাৰিব আৰু বিলম্ব নোহোৱাকৈ তেওঁলোকৰ পছন্দৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিব পাৰিব। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ প্ৰয়োজনৰ সময়ত ধন সহজে লাভ কৰাটো সহজ হ’ব। বৰ্তমান PFৰ ধন উলিয়াবলৈ সপ্তাহ পৰ্যন্ত অপেক্ষা কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...