৬ সপ্তাহৰ ভিতৰত বন্ধ হ’ব বাইক টেক্সি সেৱা (Rapido, Ola, Uber)!

৬ সপ্তাহৰ ভিতৰত বাইক টেক্সি সেৱা বন্ধ হ’ব কৰ্ণাটকত। ৰেপিড’কে ধৰি অন্যান্য কেব এগ্ৰিগেটৰসকলে (Bike Taxi) তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিব লাগিব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka HC) এই নিৰ্দেশ জাৰি কৰিছে। বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰক বি শ্যাম প্ৰসাদে এই নিৰ্দেশ দিছে। এই খণ্ডৰ সকলো সংস্থাৰ বাবে এই নিৰ্দেশ এটা ডাঙৰ আঘাত।

নিৰাপত্তাৰ প্ৰশ্ন

বাইক টেক্সিসমূহে সাধাৰণতে অতি কম খৰচত যাতায়তৰ সুবিধা প্ৰদান কৰে। কিন্তু ২০২৪ চনত কৰ্ণাটক ন্যায়ালয়ে বাইক টেক্সিৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল। সেই সময়ৰ পৰাই মহাৰাষ্ট্ৰ, দিল্লী আৰু অসমত বাইক টেক্সি সেৱা প্ৰদানকাৰী সংস্থাসমূহ আইনী জটিলতাত আছে। কাৰণ আইনীভাৱে এই বাইক টেক্সিসমূহক লাইচেন্স বা পাৰ্মিট প্ৰদান কৰা হোৱা নাই। তথাপি ১ এপ্ৰিলৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে বাইক টেক্সিসমূহক ৰাজ্যত চলোৱাৰ বাবে কিছু বিশেষ চৰ্তৰ সৈতে অনুমোদন দিছে। ন্যায়ালয়ত কৰ্ণাটক চৰকাৰে এই যুক্তি দেখুৱাইছিল যে, বগা নম্বৰ প্লেটৰ সৈতে বাইক টেক্সিসমূহে প্ৰত্যক্ষভাৱে নিয়ম ভংগ কৰিছে। আৰু এনে ধৰণৰ বাইক টেক্সিত সুৰক্ষা ব্যৱস্থাৰ অভাৱ আছে।

ৰেপিড’ৰ প্ৰতিক্ৰিয়া

ৰেপিড’ৰ তৰফৰ পৰা এটা বিবৃতিত জনোৱা হৈছে, “কৰ্ণাটক ন্যায়ালয়ে ৬ সপ্তাহৰ ভিতৰত ৰাজ্যখনৰ পৰা বাইক টেক্সি সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে। কৰ্ণাটক ভিত্তিক সংস্থা ৰেপিড’ লাখ লাখ বাইক টেক্সি চালক আৰু কেব চালকৰ জীৱনৰ বিষয়ে চিন্তিত। এই ৰায় ঘোষণাৰ পিছত আইনীভাৱে কি কি পদক্ষেপ ল’ব পাৰি তাকলৈও সংস্থাই ভাৱি চাব।”

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...