মাহজোৰা ত্যাগ, সংযম, ৰোজাৰ অন্তত কাইলৈ ঈদ

এমহীয়া উপবাস ৰোজাৰ অন্তত ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ-উল-ফিটৰ। আজি অন্তিমটো ৰোজা। বিগত এটা মাহে ত্যাগ আৰু সংযমৰ এই ৰোজা পালন কৰি কাইলৈৰ ঈদৰ বাবে সাজু হৈছে ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ। প্ৰতি বছৰেই আকাশত নতুন জোন দেখা পোৱা নোপোৱাক লৈ ঈদৰ বাবে কিছু বিভ্ৰান্তি হয়। চৌদি আৰৱত এদিন পূৰ্বেই উদযাপন হয়। এইবেলিও চৌদি আৰৱৰ আকাশত শনিবাৰেই দেখা পোৱা গৈছে নতুন জোন। তাৰ পৰিপ্ৰেক্ষিত্বত চৌদি আৰৱত দেওবাৰে আৰু ভাৰতবৰ্ষত সোমবাৰে পালন কৰা হ’ব ঈদ-উল-ফিটৰ। ছৌদি আৰৱৰ মদিনা চহৰত আদায় কৰা হয় সমূহীয়া ঈদৰ নামাজ। ওমৰাহৰ বাবে ছৌদিলৈ অসমৰ এটা দলেও আদায় কৰে ঈদৰ নামাজ। অসমৰ মনিৰুদ্দিন আহমেদৰ নেতৃত্বত গৈছিল এই দলটো। মদিনা ঈদৰ নামাজ আদায় কৰিবলৈ পাই নিজকে ধন্য বুলি মন্তব্য।

গুৱাহাটীৰ কোন মছজিদ-ঈদগাহত কেতিয়া অদা কৰা হ’ব ঈদৰ নামাজ? বুঢ়া জামে মছজিদত পুৱা ৮:৩০ বজাত, মছখোৱা ঈদগাহত পুৱা ৯:৩০ বজাত। সিজুবাৰী ঈদগাহত পুৱা ৮ বজাত, পূৱ গুৱাহাটী ঈদগাহত পুৱা ৯ বজাত। ৰাজধানী মছজিদত পুৱা ৮:৩০ বজাত, কাহিলীপাৰী দক্ষিণগাঁৱত পুৱা ৮ বজাত।

ঈদক লৈ ৰাজ্যৰ বজাৰতো এতিয়া উখল-মাখল। ফাঁচী বজাৰত তৰহে তৰহে চেৱৈ, খেজুৰ, ফল-মূল। এমহীয়া ৰোজাৰ অন্তত ঈদৰ দিনা বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে ভালদৰে এসাজ খোৱাৰ বাবে বজাৰতো ভিৰ কৰিছেহি ইছলামধৰ্মীয় লোকসকলে। সুস্বাদু খাদ্যসম্ভাৰেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ।

সমগ্ৰ অসমৰ লগতে পৱিত্ৰ ঈদত নিজৰ পচন্দৰ সাজ পোছাক কিনিবলৈ দক্ষিণ কামৰূপৰ সোণতলীৰ মাহতলী বজাৰতো ব্যাপক ভিৰ৷ কাপোৰৰ দোকান, জোতা-চেণ্ডেলৰ দোকানত গ্ৰাহকৰ ভিৰ৷ সামগ্ৰীৰ দাম বৃদ্ধিত হোৱাত দৰিদ্ৰ জনতাযই বজাৰ সমাৰ কৰাত অৱশ্যে সৃষ্টি হৈছে কিছু অসুবিধাৰ।

গোৱালপাৰাৰ লক্ষীপুৰতো ঈদ উল ফিতৰকলৈ ব্যাপক উছাহ পৰিলক্ষিত হৈছে। সমূহীয়া নামাজৰ বাবে সাজু কৰি তোলা হৈছে ঈদগাহসমূহ। সুন্দৰকৈ সজাই পৰাই তোলা হৈছে জলেশ্বৰৰ কাটাৰীহাৰা আঞ্চলিক ঈদগাহ। ধৰ্মপ্ৰাণ ৰাইজক যথা সময়ত ঈদগাহত উপস্থিত হ’বলৈ অনুৰোধ পৰিচালনা কমিটিৰ।

এনেকৈয়ে আগবাঢ়িছে ঈদৰ প্ৰস্তুতি। আল্লাহৰ আগত নিজকে সমৰ্পিত কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।

Popular

More like this
Related

পঞ্জাৱ কিংছৰ বিৰুদ্ধে আত্মবিশ্বাসী ৰাজস্থান ৰয়েলছ

এশ শতাংশ সুস্থ নথকাৰ বাবে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ...

ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত চানমাৰী কলনীত ব’হাগী উৎসৱ মেলাৰ শুভাৰম্ভ

বীণা বৰদলৈ উদ্যমী বঁটা জাহাজ নিৰ্মাতা অঞ্জলী বৰাক প্ৰদান অসমীয়াৰ...

৬ সপ্তাহৰ ভিতৰত বন্ধ হ’ব বাইক টেক্সি সেৱা (Rapido, Ola, Uber)!

৬ সপ্তাহৰ ভিতৰত বাইক টেক্সি সেৱা বন্ধ হ'ব কৰ্ণাটকত।...

২০২০ চনৰ পিছত আন এক ভয়ংকৰ পতন, ট্ৰাম্পৰ কৰ বৃদ্ধিক লৈ অস্থিৰতাত আমেৰিকাৰ শ্বেয়াৰ বজাৰ

ট্ৰাম্পৰ কৰ আৰোপৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰে বৃহস্পতিবাৰে বৃহৎ...