ঘৃণাত নাক কোচ খাব আপোনাৰ, চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা মম’ খুৱালে গ্ৰাহকক!

আপুনি বাৰু মম’ খাই ভাল পাই নেকি? যদি আপুনিও মম’ খাই ভাল পায়, তেন্তে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ। এতিয়াৰে পৰা মম’ খোৱাৰ পূৰ্বে এশবাৰ ভাবক আপুনি। কিয়নো আপোনাকো চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা মম’ খোৱাব পাৰে অসাধু ব্যৱসায়ীয়ে। আচৰিত যেন লাগিলেও এইখন দেশতে ঘটিছে এনে এক ঘটনা।

ঘটনা পঞ্জাৱৰ। খাদ্যৰ মান তথা পৰিষ্কাৰ-পৰিছন্নতা সন্দৰ্ভত পৌৰসভাই চলাইছিল অভিযান । সেই অভিযানত পঞ্জাবৰ মম’ প্ৰস্তুত কৰা এটা উদ্যোগৰ পৰা উদ্ধাৰ কৰা হৈছে কুকুৰৰ মূৰ। উদ্যোগটোৰ ফ্ৰীজ খোলাৰ পিছতে আচৰিত হয় অভিযানকাৰী দল। মোহালিৰ মাট্টুৰ গাঁৱত সংঘটিত এই ঘটনাই এতিয়া চকু কপালত তুলিছে সকলোৰে।

উল্লেখ্য যে স্থানীয় একাংশ লোকে দাখিল কৰিছিল অভিযোগ। তাৰ পাছতেই উদ্যোগটোত চলিছিল অভিযান। কিন্তু উদ্যোগটোত কুকৰৰ মূৰ উদ্ধাৰৰ পিছতেই হতভম্ব হয় সকলো। ম’ম’ত চিকেনৰ নামত যে তাত কুকুৰৰ মাংস ব্যৱহাৰ কৰা হৈছিল সেয়া জনা নাছিল কোনেও । মূলতঃ পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই দিয়া হৈছিল অভিযোগ । অপৰিষ্কাৰ পানী, আৰু পচা পাচলিৰ ভিডিঅ’ পোষ্ট কৰিছিল লোকসকলে।

আনফালে প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে দাবী কৰা অনুসৰি সেই মাংস ম’ম’ত ব্যৱহাৰ কৰা নহয়। উদ্যোগটোত কৰ্মৰত বহুকেইজন নেপালী লোকেহে কুকুৰ মাংস ভক্ষণ কৰে। একাংশৰ দাবী চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা হয় মম’ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...